স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ: 1983 বিশ্বকাপ ক্ৰিকেটৰ ওপৰত নিৰ্মিত বহু প্ৰত্যাশিত ‘83’ ৰ নতুন প’ষ্টাৰ মুকলি ৷ কপিল দেৱৰ ভূমিকাত দেখা পোৱা যাব বলিউডৰ অভিনেতা ৰনবীৰ সিঙক ৷ 1983 বিশ্বকাপৰ ইতিহাসক লৈ নিৰ্মাণ কৰা হৈছে 83 নামৰ ছবিখন ৷ যাৰ আন এক নতুন প’ষ্টাৰ টুইটাৰত প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
-
NATRAJ SHOT 🏏 #RanveerAsKapil 🇮🇳 @therealkapildev @kabirkhankk @deepikapadukone @Shibasishsarkar @madmantena #SajidNadiadwala @vishinduri @RelianceEnt @FuhSePhantom @NGEMovies @vibri_media @ZeeMusicCompany pic.twitter.com/RQDlyOKtas
— Ranveer Singh (@RanveerOfficial) November 11, 2019 " class="align-text-top noRightClick twitterSection" data="
">NATRAJ SHOT 🏏 #RanveerAsKapil 🇮🇳 @therealkapildev @kabirkhankk @deepikapadukone @Shibasishsarkar @madmantena #SajidNadiadwala @vishinduri @RelianceEnt @FuhSePhantom @NGEMovies @vibri_media @ZeeMusicCompany pic.twitter.com/RQDlyOKtas
— Ranveer Singh (@RanveerOfficial) November 11, 2019NATRAJ SHOT 🏏 #RanveerAsKapil 🇮🇳 @therealkapildev @kabirkhankk @deepikapadukone @Shibasishsarkar @madmantena #SajidNadiadwala @vishinduri @RelianceEnt @FuhSePhantom @NGEMovies @vibri_media @ZeeMusicCompany pic.twitter.com/RQDlyOKtas
— Ranveer Singh (@RanveerOfficial) November 11, 2019
প’ষ্টাৰখনত কপিল দেৱৰ প্ৰসিদ্ধ ‘নটৰাজ শ্বট’ খেলা দেখা পোৱা গৈছে ৰনবীৰ সিঙক ৷ ভাৰত আৰু জিম্বাবৱেৰ বিৰুদ্ধে 1983 বিশ্বকাপৰ ছেমি ফাইনেল মেচত 175 ৰান কৰিছিল কপিল দেৱে ৷ য’ত নটৰাজ শ্বট খেলিছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৷ ইতিমধ্যে সম্পূৰ্ণ হৈছে ছবিখনৰ শ্বুটিঙৰ কাম ৷
উল্লেখ্য যে, শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতৰ ঐতিহাসিক বিশ্বকাপ জয়ৰ প্ৰতিচ্ছবি দাঙি ধৰা হ’ব এই ছবিখনত ৷ ৰনবীৰে সিঙে ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ ভূমিকা পালন কৰাৰ বিপৰীতে সুনীশ গাভাস্কাৰৰ ভূমিকাত আছে ৰাজ ভছীন, মহিন্দৰ অমৰনাথৰ ভূমিকা পালন কৰিছে ছাকিব ছলীমে, সন্দীপ পাটেলৰ ভূমিকাত আছে চিৰাগ পাটিল ৷
আনহাতে বিবাহৰ পাচত প্ৰথমবাৰৰ বাবে এই ছবিখনত একেলগে দেখা পোৱা যাব দীপিকা পাডুকণ আৰু ৰনবীৰ সিঙক ৷ কপিল দেৱৰ পত্নী ৰ’মীৰ ভূমিকা পালন কৰিব দীপিকা পাডুকণে ৷ আগন্তুক বৰ্ষৰ 10 এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে ৷ নিৰ্দেশক কবিৰ খানৰ দ্বাৰা নিৰ্মিত ছবিখন তিনিটা ভাষাত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে ৷