ETV Bharat / sitara

চেন্নাইৰ নিৰ্মাতা শংকৰৰ লগত কাম কৰিবলৈ আগ্ৰহী ৰণবীৰ

বৰ্তমান চিৰকুছ ছবিৰ শ্বুটিংত ব্যস্ত আছে অভিনেতাগৰাকী ৷ ছবিখনত ৰণবীৰে এটা দ্বৈত ভূমিকাত অভিনয় কৰিছে ।

author img

By

Published : Feb 21, 2021, 10:25 PM IST

Updated : Feb 21, 2021, 10:36 PM IST

Ranveer Singh to collaborate with Shankar?
চেন্নাইৰ নিৰ্মাতা শংকৰৰ লগত কাম কৰিবলৈ আগ্ৰহী ৰণবীৰ

চিটাৰা ডেস্ক, ২১ ফেব্ৰুৱাৰী : বলিউড অভিনেতা ৰণবীৰ সিঙে তেওঁৰ কেৰিয়াৰত এখন পেন ইণ্ডিয়া ছবিত কাম কৰিব বিচাৰিছে আৰু এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে ইতিমধ্যে চেন্নাইৰ চলচ্চিত্ৰ নিৰ্মাতা শংকৰক সাক্ষাৎ কৰিছে । ৰণবীৰক স্বাক্ষৰ কৰিবলৈ বহু পৰিচালক সাজু হৈ আছে যদিও অভিনেতাজনে পৰিচালক শংকৰৰ সৈতে কাম কৰাৰহে পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে । ৰণবীৰে এখন আহিবলগীয়া ছবিৰ বিষয়ে কথা পাতিবলৈ চলচ্চিত্ৰ নিৰ্মাতাক লগ কৰিবলৈ চেন্নাইলৈ যাত্ৰা কৰাৰ কথা জানিব পৰা গৈছে ।

অভিনেতাগৰাকীয়ে ছবিখনৰ কাৰণে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক সাক্ষাৎ কৰিবলৈ জানুৱাৰীৰ শেষত তথা ফেব্ৰুৱাৰীৰ আৰম্ভণিতে চেন্নাই ভ্ৰমণৰ পৰিকল্পনা কৰিছিল ৷ ৰণবীৰে আহিবলগীয়া ছবি ৮৩ৰ ভাৰতীয় ক্ৰিকেট জগতৰ আইকনিক কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ৰোহিত ছেট্টিৰ আহিবলগীয়া ছবি সূৰ্যবংশীতো দেখা যাব অভিনেতাগৰাকীক । বৰ্তমান চিৰকুছ ছবিৰ শ্বুটিংত ব্যস্ত আছে অভিনেতাগৰাকী ৷ ছবিখনত ৰণবীৰে এটা দ্বৈত ভূমিকাত অভিনয় কৰিছে ।

লগতে পঢ়ক : কুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা

Last Updated : Feb 21, 2021, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.