ETV Bharat / sitara

দাদা চাহেব ফাল্কে বঁটা লাভৰ পিছতে কৃতজ্ঞতা জ্ঞাপন কৰিলে ৰজনীকান্তে

author img

By

Published : Apr 2, 2021, 2:25 PM IST

শেহতীয়াকৈ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা লাভৰ ঘোষণাৰ পিছত মেগাষ্টাৰ ৰজনীকান্তে লাভ কৰা সকলো মৰম, শুভেচ্ছাৰ বাবে সকলোকে 'গভীৰ কৃতজ্ঞতা' জ্ঞাপন কৰে ।

Rajinikanth pens note of gratitude after Dadasaheb Phalke honour
দাদা চাহেব ফাল্কে বঁটা লাভৰ পিছত ৰজনীকান্তৰ কৃতজ্ঞতা জ্ঞাপন

নেছনেল ডেক্স,২ এপ্ৰিল: মেগাষ্টাৰ ৰজনীকান্তে শেহতীয়াকৈ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা লাভৰ ঘোষণাৰ পিছত লাভ কৰা সকলো মৰম, শুভেচ্ছাৰ বাবে সকলোকে 'গভীৰ কৃতজ্ঞতা' প্ৰদান কৰে । ভাৰতীয় চলচ্চিত্ৰৰ পৃথিৱীত আকৰ্শনীয় অৱদানৰ বাবে তাৰকাজনক এই বঁটা প্ৰদান কৰা হ'ব । তেওঁক শুভেচ্ছা জনাবলৈ সময় উলিওৱা সকলোৰে প্ৰতি টুইটাৰ যোগে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৰ’বট খ্য়াত অভিনেতাজনে ।

"মই বিশিষ্ট ৰাজনৈতিক নেতা সকল, মোৰ চলচ্চিত্ৰ জগতৰ ভ্ৰাতৃ, বন্ধু আৰু সহকৰ্মী সকল, শুভাকাংক্ষী, সংবাদ মাধ্যম,সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বৰ পৰা মোক শুভেচ্ছা জনাবলৈ সময় লোৱা মোৰ প্ৰিয় অনুৰাগীসকল, প্ৰতিজন ব্যক্তিৰ পৰা মই লাভ কৰা সকলো মৰম আৰু শুভেচ্ছাৰ বাবে,মোৰ গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ," এইদৰে টুইট কৰে ৰজনীকান্তে।

  • For all the love,greetings & wishes I’ve received from eminent political leaders, my film fraternity friends & colleagues,well wishers,media, every person who took the time to wish me & my beloved fans from across India & all over the world .. my deepest gratitude and thanks 🙏🏻

    — Rajinikanth (@rajinikanth) April 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটটোৱে মাইক্ৰ'ব্লগিং ছাইটটোত ১৩.৪ হাজাৰতকৈ অধিক লাইক লাভ কৰে, আনহাতে বহু সংখ্যক অনুৰাগীয়ে অভিনন্দন বাৰ্তা কমেন্ট যোগে প্ৰেৰণ কৰে ৷

কেইবাগৰাকীও বলিউড চেলিব্ৰেটিয়ে ৰজনীকান্তক ছচিয়েল মিডিয়াৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে । নীনা গুপ্তা, হৃত্বিক ৰোচন, অক্ষয় কুমাৰ, অনিল কাপুৰ, কৰণ জোহৰ, শিল্পা ছেট্টী কুন্দ্ৰা, সিদ্ধাৰ্থ মালহোত্ৰা, বনি কাপুৰ আদিয়ে তেওঁক টুইটাৰত শুভেচ্ছা জনাই।

  • My heartfelt thanks to the government of india, respected & dearest @narendramodi ji, @PrakashJavdekar ji and the jury for conferring upon me the prestigious #DadasahebPhalkeAward I sincerely dedicate it to all those who have been a part of my journey. Thanks to the almighty 🙏🏻

    — Rajinikanth (@rajinikanth) April 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

চিনেমা জগতত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা দাদাচাহেব ফাল্কে বঁটা হৈছে চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান আৰু ভাৰত চৰকাৰে এই পুৰস্কাৰ প্ৰদান কৰে। ২০১৮ চনত অমিতাভ বচ্চনে লাভ কৰিছিল এই বঁটা,উল্লেখ যোগ্য় যে,‘হাম’ ছবি খনত দুয়ো সতীৰ্থ অভিনেতা আছিল।

বৃহস্পতিবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেডকাৰে ঘোষণা কৰিছিল যে,ৰজনীকান্তক ২০১৯ চনৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হ'ব।

২০১৯ চনৰ দাদাচাহেব ফাল্কে বঁটা যোৱা বছৰেই ঘোষণা কৰিব লগীয়া আছিল যদিও,ক’ৰণা মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল এই ঘোষণা, একেদৰেই স্থগিত হৈছিল ২০১৯ ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।

লগতে পঢ়ক-তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.