চিটাৰা ডেস্ক,১৬ মাৰ্চ: ২৬ মাৰ্চত মুক্তি পাব বেডমিন্টন তাৰকা চাইনা নেহৱালৰ জীৱনৰ আধাৰত নিৰ্মিত বলীউডৰ ছবি 'চাইনা' । ছবিখনত চাইনাৰ চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ লগে লগে দেশজুৰি ছবিখনকলৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে । ইয়াৰ মeজতে ছবিখন সন্দৰ্ভত বিশেষ মন্তব্য কৰিলে অভিনেত্ৰী পৰিণীতি চোপ্ৰাই । তেওঁৰ মতে, প্ৰথম অৱস্থাত চাইনাৰ চৰিত্ৰ পালন কৰাৰ বিষয়ে শংকিত আছিল অভিনেত্ৰীগৰাকী ৷ আনকি প্ৰশিক্ষণৰ সময়ত তেওঁ কান্দিবলৈও বাধ্য হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
পৰিণীতিয়ে ইয়াৰ আগতে কৈছিল যে ছবিৰ পৰ্দাত চাইনা নেহৱালৰ দৰে কাৰোবাৰ চৰিত্ৰত অভিনয় কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আৰু ছবিখনত এগৰাকী তাৰকাৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত দৰ্শকে কেনেদৰে প্ৰতিক্ৰিয়া কৰিব তাক লৈও তেওঁ চিন্তিত আছিল । টি-চিৰিজৰ অফিচিয়েল ইউ টিউব চেনেলত মুকলি কৰা এটা ভিডিঅ'ত পৰিণীতিয়ে প্ৰকাশ কৰিছিল যে, তাই কি কৰি আছে তাৰ ওপৰতো তাইৰ সন্দেহ আছে ৷ লগতে একপ্ৰকাৰ নিশ্চিত হৈ তেওঁ কৈছে যে তেওঁ 'চাইনা' কৰিব নোৱাৰিব ।
ইফালে শ্ৰদ্ধা কাপুৰক পূৰ্বে 'চাইনা' ছবিখনৰ বাবে বাছনি কৰা হৈছিল, যদিও শাৰিৰীক অসুস্থতাৰ বাবে শ্ৰদ্ধাই ছবিখন কৰিব নোৱাৰিলে ।
লগতে পঢ়ক: অ'স্কাৰ ২০২১ ত মনোনয়নৰ তালিকাত ভাৰতীয় ছবি দ্য হোৱাইট টাইগাৰ