ETV Bharat / sitara

অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰিব বহু প্ৰত্যাশিত তামিল ছবি ‘দৃশ্যম 2’

author img

By

Published : Jan 2, 2021, 12:35 PM IST

অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰিব অভিনেতা মোহনলাল অভিনীত বহু প্ৰত্যাশিত তামিল ছবি ‘দৃশ্যম 2’ৱে ৷ 1 জানুৱাৰীত ফেচবুকযোগে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি ছবিখন আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰাৰ কথা উল্লেখ কৰে মোহনলালে ৷

অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰিব বহু প্ৰত্যাশিত তামিল ছবি ‘দৃশ্যম 2’
Dhrishyam 2 to be released on OTT platform

চিটাৰা ডেস্ক,2 জানুৱাৰী :দক্ষিণৰ জনপ্ৰিয় অভিনেতা মোহনলাল অভিনীত বহু প্ৰত্যাশিত তামিল ছবি ‘দৃশ্যম 2’ৱে মুক্তিলাভ কৰিব অ’টিটি প্লেটফ’ৰ্মত ৷ পহিলা জানুৱাৰীত অভিনেতা মোহনলালে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ৷ ফেচবুকযোগে ছবিখন আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰিব বুলি ঘোষণা কৰে অভিনেতা গৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

2013 চনত দৃশ্যমৰ প্ৰথম অংশ মুক্তিলাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত বহুকেইটা ভাষাত নিৰ্মাণ কৰা হয় ছবিখন ৷ 7 বছৰৰ অন্তত পুনৰ দৃশ্যমৰ দ্বিতীয় অংশৰ মুক্তিলাভৰ বাবে সাজু হৈছে ছবি নিৰ্মাতা তথা কলা-কুশলী ৷

ছবিখনৰ কাহিনী অনুসৰি জৰ্জকুট্টী (মোহনলালে ৰূপায়ন কৰা চৰিত্ৰ) আৰু তেওঁৰ পৰিয়ালে দুৰ্ভাগ্যজনকভাৱে এক সমস্যাৰ সন্মুখীন হয় আৰু তাৰ পাচতে কাহিনীটো আৰম্ভ হয় ৷

শুকুৰবাৰে মুক্তিলাভ কৰা ছবিখনৰ 1 মিনিট 18 ছেকেণ্ডৰ টিজাৰটোৰ দ্বাৰা দৰ্শকে দৃশ্যম 2ৰ কাহিনী কোনো স্পষ্টতা লাভ নকৰে যদিও টিজাৰত দেখুওৱা ৰাজাক্কাড় আৰক্ষী থানাৰ পৰা পৰিয়ালটোৰ অতীত আৰু ভৱিষ্যৎ সম্পৰ্কে দৰ্শকে অনুমান কৰিব পাৰিব ৷ টিজাৰত ছবি পৰিচালকে জৰ্জকুট্টীৰ পৰিয়ালৰ গোপন কথা ফাদিল হ’বনে নাই তাক ৰহস্যৰ আৱৰ্তত ৰাখিছে ৷

জিতু জোচেফৰ দ্বাৰা লিখিত কাহিনী আৰু পৰিচালনাত নিৰ্মিত দৃশ্যম 2ত মোহনলালৰ বিপৰীতে মুখ্য চৰিত্ৰত দেখা পাব দক্ষিণৰ অভিনেত্ৰী মীনাক ৷ ছবিখনৰ প্ৰযোজনাত আছে এণ্টনী পেৰুম্বাভোৰ আৰু আশীৰ্বাদ চিনেমাজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰিবলগীয়া দৃশ্যম 2ৰ বৰ্তমানো প্ৰকাশ কৰা নাই মুক্তিৰ তাৰিখ ৷ ইফালে টিজাৰ মুকলি হোৱাৰ পাচত ছবিখন ছবিগৃহত মুক্তিলাভৰ আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷

লগতে পঢ়ক : ৰাংথামবোৰৰ পৰা নৱবৰ্ষৰ প্ৰথমখন ফটো শ্বেয়াৰ ৰণবীৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.