ETV Bharat / sitara

ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’

ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘চাবাছ মিথু’’ৰ প্ৰথম প’ষ্টাৰ মুকলি ৷ ছবিখনৰ মুখ্য ভূমিকাত আছে তাপসী পান্নু ৷

author img

By

Published : Jan 30, 2020, 2:59 PM IST

ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’
ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’

স্পৰ্টছ ডেস্ক, 30 জানুৱাৰীঃ বলীউডৰ সৈতে ক্ৰীড়াজগত তথা ক্ৰিকেটৰ আছে ওতঃপ্ৰোত সম্পৰ্ক ৷ সেইয়া লাগিলে চিনেমাই হওক অথবা প্ৰেমজনীত সম্পৰ্কই ৷

মহেন্দ্ৰ সিং ধোনী, শচীন ‘এ বিলিয়নছ ড্ৰীম’ আদি সফল ছবিৰ পাচত পুনৰ ছবিগৃহলৈ ভুমুকি মাৰিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘চাবাছ মিথু’’ ৷ এই ছবিত মিথালী ৰাজৰ মুখ্য ভূমিকাত অভিনয় কৰিছে তাপসী পান্নুৱে ৷

  • “I have always been asked who’s your favourite male cricketer but you should ask them who their favourite female cricketer is.” The statement that made every cricket lover pause n introspect that do they love the game or the gender playing it.@M_Raj03 you are a ‘Game Changer’ pic.twitter.com/2VlxYpXmSM

    — taapsee pannu (@taapsee) January 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে ছবিখনৰ প্ৰথম প’ষ্টাৰ টুইটাৰত শ্বেয়াৰ কৰে অভিনেত্ৰী তাপসী পান্নুৱে ৷ তাপসীৰ এই প’ষ্টৰ পাচতেই ধন্যবাদ জ্ঞাপন কৰে ক্ৰিকেটাৰ মিথালী ৰাজে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কিংবদন্তী খেলুৱৈ কপিল দেৱৰ ওপৰত নিৰ্মাণ হৈ থকা ‘83’ ছবিৰ বহু কেইটা প’ষ্টাৰ মুকলি কৰিছিল ছবিখনৰ অভিনেতা ৰনবীৰ সিঙে ৷ গতিকে অতি সোনকালেই ক্ৰিকেটৰ ওপৰত নিৰ্মাণ হোৱা দুই তাৰকাৰ ছবি ছবিগৃহত উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শকে ৷

লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ৰাফেল নাডাল

Intro:Body:

MITALI RAAJ BIOPIC

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.