চিটাৰা ডেস্ক, 8 ডিচেম্বৰ: বলীউড অভিনেত্ৰী কৃতি চেনন আক্ৰান্ত হৈছে COVID-19 ত ৷ অভিনেত্ৰীগৰাকীয়ে 'বৰেলী কী বৰফি'ৰ সহ-অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে ছণ্ডিগড়ত তেওঁৰ আহিবলগীয়া ছবিৰ দৃশ্য গ্ৰহণৰ বাবে আছিল ৷ কিন্তু দেওবাৰে তেওঁ ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে যে, তেওঁৰ নিজৰ কাৰ্যক্ৰমণিকা সলনি কৰি ঘৰলৈ যাব ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কিছুদিন পূৰ্বে অভিনেত্ৰী নিতু কাপুৰ আৰু অভিনেতা বৰুণ ধাৱানে ছণ্ডিগড়ত দৃশ্য গ্ৰহণ চলি থকাৰ সময়তে মহামাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ কিছুদিন পাচতে অভিনেত্ৰী কৃতি চেননৰ বিষয়েও অনুৰূপ তথ্যই পোৱা গৈছে ৷ অভিনেত্ৰীগৰাকীও পাঞ্জাৱৰ ৰাজধানী চহৰখনত অভিষক জৈন পৰিচালিত এখন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল ৷
যদিও অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পৰীক্ষাৰ ফলাফল সদৰী কৰা নাই, তথাপিও ভিন্ন প্ৰতিবেদনৰ পৰা তেওঁ যে কৰ'ণাত আক্ৰান্ত হৈছে সেই বিষয়ে প্ৰকাশ কৰা হৈছে ৷ কৃতিৰ সৈতে একেটা ছেটতে কাম কৰা আন আন সহকৰ্মীসকলৰ বিষয়ে বৰ্তমানেও জানিব পৰা যোৱা নাই ৷
লগতে পঢ়ক: RRR নিৰ্মাতাৰ তৰফৰ পৰা আলিয়া ভাটক উষ্ম আদৰণি