নিউজ ডেক্স,২৪ এপ্ৰিলঃ অচিৰেই নিৰ্মিত হ'ব প্ৰসিদ্ধ খেলুৱৈ পি টি উষাৰ বায়'পিক। চলচ্চিত্ৰ প্ৰযোজক ৰেৱাথী এচ শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত হ'ব লগা বায়'পিকখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাঈফে।

প্ৰথম অৱস্থাত ছবিখনৰ বাবে প্ৰিয়ংকা চোপ্ৰাক লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত সেইয়া সলনি হৈ পি টি উষাৰ চৰিত্ৰত অভিনয়ৰ বাবে কেটৰিণা কাঈফক লোৱা হৈছে বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈকে চলচ্চিত্ৰখনৰ নিৰ্মাতাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই এই কথা।