ETV Bharat / sitara

HAPPY BIRTHDAY অনুস্কা চেট্টী

author img

By

Published : Nov 7, 2021, 9:39 AM IST

1981 চনৰ 7 নৱেম্বৰত অনুস্কাৰ জন্ম হৈছিল ৷ তামিল আৰু তেলেগু ছবিজগতত কাম কৰাৰ উপৰিও অনুস্কা এগৰাকী প্ৰখ্যাত মডেল হিচাপে পৰিচিত ৷ অনুস্কাই বাহুবলীত দেৱসেনাৰ ভূমিকাত কৰা অভিনয়ে সকলোৰে মনত গভীৰ সাঁচ বহুৱাইছিল ৷

HAPPY BIRTHDAY অনুস্কা চেট্টী
HAPPY BIRTHDAY অনুস্কা চেট্টী

চিটাৰা ডেস্ক, 7 নৱেম্বৰ : এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, যাক নিচিনা মানুহ হয়তো কমেই ওলাব ৷ নাম তেওঁৰ অনুস্কা চেট্টী ৷ অভিনেত্ৰীগৰাকী মূলতঃ দক্ষিণ ভাৰতৰ চলচিত্ৰ জগতৰ তেনেই চিনাকী নাম যদিও পৰিচিত সমগ্ৰ দেশবাসীৰ মাজত ৷ অনুস্কাই বাহুবলীত দেৱসেনাৰ ভূমিকাত কৰা অভিনয়ে সকলোৰে মনত গভীৰ সাঁচ বহুৱাইছিল ৷

HAPPY BIRTHDAY অনুস্কা চেট্টী
source : twitter

প্ৰকৃততে অনুস্কাৰ নাম চুইটী চেট্টীহে ৷ 1981 চনৰ 7 নৱেম্বৰত অনুস্কাৰ জন্ম হৈছিল ৷ তামিল আৰু তেলেগু ছবিজগতত কাম কৰাৰ উপৰিও অনুস্কা এগৰাকী প্ৰখ্যাত মডেল হিচাপে পৰিচিত ৷ তেওঁ ইতিমধ্যে কেইবাটাও বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে তিনিটাকৈ চলচিত্ৰ বঁটা, এটা নন্দী বঁটা, টিএন ষ্টেট ফিল্ম এৱাৰ্ড আৰু আঠটা শিতানৰ মনোনয়নৰ পৰা তিনিটাকৈ ফিল্মফেয়াৰ বঁটা ৷

প্ৰায় ৫০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা অনুষ্কা ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ৷ তদুপৰি জনপ্ৰিয়তাৰ দিশৰ পৰা চাবলৈ গ’লে অনুস্কাক দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ লেডী চুপাৰষ্টাৰ বুলি কোৱা হয় ৷

HAPPY BIRTHDAY অনুস্কা চেট্টী
source : twitter

অভিনেত্ৰীগৰাকীয়ে ২০০৫ চনত তেলেগু চলচ্চিত্ৰ ‘চুপাৰ’ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ ঘটাইছিল ৷ নৱাগতা অভিনেত্ৰীগৰাকীয়ে এই ছবিৰ বাবে ফিল্মফেয়াৰত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী(তেলেগু)ৰ মনোনয়ন লাভ কৰিছিল ৷ পৰৱৰ্তী বছৰত তেওঁ এছ এছ ৰাজামৌলীৰ বিক্ৰমাৰকুডুত অভিনয় কৰে, যি বক্স অফিচত হিট হৈছিল ৷

ইয়াৰ পিছত আৰু থমকিব লগা হোৱা নাই অভিনেত্ৰীগৰাকীয়ে ৷ একাদিক্ৰমে মুক্তি লাভ কৰা লক্ষ্যম (২০০৭), সৌৰ্যম (২০০৮) আৰু চিন্তকয়ালা ৰবি(২০০৮) য়ে বক্স অফিচত সফলতা লাভ কৰিছিল ৷ 2009 চনত চেট্টীয়ে তেলেগু ডাৰ্ক ফেণ্টাচী ছবি ‘অৰুন্ধতী’ত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল ৷ যিয়ে সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হোৱাৰ বিপৰীতে কেইবাটাও বঁটা লাভ কৰিছিল ৷ যাৰ ভিতৰত আছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে অনুস্কাৰ প্ৰথমটো ফিল্মফেয়াৰ বঁটা(তেলেগু), নন্দী বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ চলচিত্ৰ বঁটা ৷

HAPPY BIRTHDAY অনুস্কা চেট্টী
source : google

ইয়াৰ পিছৰ বছৰত ‘বেদম’ত চেট্টীৰ এখন ছবিত এগৰাকী বেশ্যাৰ চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰ আৰু চলচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় অনুস্কাই ৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অনুস্কাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ৷ যিয়ে তেওঁক তেলেগু ছবিজগতত আগশাৰীৰ এগৰাকী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভত সহায় কৰে ৷

অভিনেত্ৰীগৰাকীৰ ওপজাদিনত ইটিভি ভাৰতৰ তৰফৰ পৰা যাচিলোঁ একুৰি শুভকামনা ৷

লগতে চাওক: দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.