ETV Bharat / sitara

2021ত মুক্তি পাব ফাষ্ট এণ্ড ফিউৰিয়াছৰ নতুন সংস্কৰণ ‘F9’

2021 বৰ্ষৰ মে’ মাহত মুক্তি লাভ কৰিব ‘Fast and Furious’ ফ্ৰেন্সাইজৰ নতুন সংস্কৰণ ‘F9’ ৷ 2001 চনৰ পৰাই দৰ্শকৰ মাজত জনপ্ৰিয় হৈ আছে এই ফ্ৰেন্সাইজটো ৷ দুটা বেক টু বেক চিক্যুৱেলৰ সৈতে সমাপ্ত হ’ব এই চিৰিজটো ৷

author img

By

Published : Oct 21, 2020, 1:53 PM IST

Fast and Furious franchise new series F9 will release in 2021
2021ত মুক্তি পাব ফাষ্ট এণ্ড ফিউৰিয়াছৰ নতুন সংস্কৰণ ‘F9’

চিটাৰা ডেস্ক,21 অক্টোবৰ : শীঘ্ৰেই মুক্তি লাভ কৰিব জাষ্টিন লিনৰ নিৰ্দেশনা আৰু Universal Picturesৰ বেনাৰত নিৰ্মিত দীৰ্ঘকালীন সময়ৰ পৰা দৰ্শকৰ মাজত জনপ্ৰিয় ‘Fast and Furious’ ফ্ৰেন্সাইজৰ নতুন সংস্কৰণ ৷

ভীন ডিজেলৰ নেতৃত্বত এই ফ্ৰেন্সাইজটো 2001 চনত পোন প্ৰথমবাৰৰ বাবে মুক্তি লাভ কৰিছিল ৷ ভেৰাইটি অনুসৰি,ডিজেলে নতুন ছবিৰ লগতে অভিনেতা Michelle Rodriguez,Tyrese Gibson,Chris Ludacris Bridges,Jordana Brewster,Nathalie Emmanuel আৰু Sung Kangৰ সৈতে পুনৰ ছবিজগতলৈ উভতি আহিব ৷

লিনে এতিয়ালৈ এই শৃংখলাটোত চাৰিটা সংস্কৰণ- The Fast and the Furious: Tokyo Drift (2006),Fast Five (2011),Fast & Furious 6 (2013) আৰু আহিবলগীয়া F9ৰ নিৰ্দেশনা কৰিছে ৷ The Fast and Furious ফ্ৰেন্সাইজত Dwayne Johnson আৰু Jason Statham-led spinoff Hobbs & Shaw অন্তৰ্ভুক্ত হৈ আছে ৷ এই ফ্ৰেন্সাইজে এতিয়ালৈকে বিশ্বজুৰি 5.89 বিলিয়ন আমেৰিকান ডলাৰ সংগ্ৰহ কৰিছে ৷

মুক্তি লাভ কৰিবলগীয়া F9ৰ পোষ্ট প্ৰডাকচনৰ কাম চলি থকা বুলি জানিব পৰা গৈছে ৷ এই চিৰিজটো 2021 বৰ্ষৰ মে’ মাহত মুক্তি লাভ কৰিব ৷ আনহাতে দুটা বেক টু বেক চিক্যুৱেলৰ সৈতে এই চিৰিজটোৰ সামৰণি পৰিব ৷

লগতে পঢ়ক : সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ‘ৰোকা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.