ETV Bharat / sitara

গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'

author img

By

Published : Nov 22, 2019, 7:33 PM IST

গোৱাত অনুষ্ঠিত 50 সংখ্যক আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হ'ল 'ড0 বেজবৰুৱা' আৰু 'বহুবৃত্ত' নামৰ দুখন অসমীয়া ছবি ৷ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হৈছে আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱ ৷

গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ড0 বেজবৰুৱা' আৰু 'বহুবৃত্ত'

চিটাৰা ডেস্ক, 22 নৱেম্বৰঃ 50 সংখ্যক আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হয় দুখনকৈ অসমীয়া ছবি ৷ ব্ৰজেন বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবি 'ডঃ বেজবৰুৱা' আৰু উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ছবি 'বহুবৃত্ত' প্ৰদৰ্শিত হয় আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত৷ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হৈছে আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱ চমুকৈ 'IFFI'৷

পুৱা 9 বজাত Maquinez 2 ত 'ডঃ বেজবৰুৱা' প্ৰদৰ্শিত হোৱাৰ বিপৰীতে বিয়লি 5.30 বজাত INOXMovies screen-2 ত প্ৰদৰ্শিত হয় 'বহুবৃত্ত' ৷ 1969 চনৰ 7 নৱেম্বৰত মুক্তি লাভ কৰা অসমীয়া থ্ৰীলাৰ ছবি 'ডঃ বেজবৰুৱা' হৈছে অসমৰ ছবিজগতৰ প্ৰথমখন সফল বাণিজ্যিক ছবি ৷ ছবিখনৰ প্ৰযোজনা কৰিছিল ৰংঘৰ চিনে প্ৰডাকশ্যনে ৷ 'ডঃ বেজবৰুৱা'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যশস্বী অভিনেতা নিপন গোস্বামী আৰু ব্ৰজেন বৰুৱাই ৷ আজিপৰ্যন্ত চলচ্চিত্ৰপ্ৰেমী য়ে মুখে মুখে গুণগুণাই "জিলিকি জিলিকা তৰা আকাশৰে...", "কি নাম দি মাতিম...", "অ' মইনা কোন বিধাতাই সাজিলে..." আদি 'ডঃ বেজবৰুৱা' ছবিৰ কালজয়ী গানসমূহ৷ আনহাতে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ছবি সমালোচক উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ন'ন ফীচাৰ ফিল্ম 'বহুবৃত্ত' ইতিমধ্যে বহুকেইখন আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে ৷

'Dr. Bezbaruah' by #BrajenBarua will be screened at #IFFI2019 on the 22nd of Nov at 09:00am in Maquinez 2. #IFFI50 @INOXMovies pic.twitter.com/6X8kRxB2QM

— IFFI 2019 (@IFFIGoa) November 21, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'ৰ উপৰিও বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হয় প্ৰয়াত অভিনেতা বিজু ফুকন অভিনীত ছবি 'অপৰূপা' ৷ বিয়লি 4 বজাৰ পৰা Maquinez 2ত প্ৰদৰ্শিত হয় জাহ্নু বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবিখন ৷

লগতে পঢ়কঃগুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

চিটাৰা ডেস্ক, 22 নৱেম্বৰঃ 50 সংখ্যক আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হয় দুখনকৈ অসমীয়া ছবি ৷ ব্ৰজেন বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবি 'ডঃ বেজবৰুৱা' আৰু উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ছবি 'বহুবৃত্ত' প্ৰদৰ্শিত হয় আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত৷ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হৈছে আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱ চমুকৈ 'IFFI'৷

পুৱা 9 বজাত Maquinez 2 ত 'ডঃ বেজবৰুৱা' প্ৰদৰ্শিত হোৱাৰ বিপৰীতে বিয়লি 5.30 বজাত INOXMovies screen-2 ত প্ৰদৰ্শিত হয় 'বহুবৃত্ত' ৷ 1969 চনৰ 7 নৱেম্বৰত মুক্তি লাভ কৰা অসমীয়া থ্ৰীলাৰ ছবি 'ডঃ বেজবৰুৱা' হৈছে অসমৰ ছবিজগতৰ প্ৰথমখন সফল বাণিজ্যিক ছবি ৷ ছবিখনৰ প্ৰযোজনা কৰিছিল ৰংঘৰ চিনে প্ৰডাকশ্যনে ৷ 'ডঃ বেজবৰুৱা'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যশস্বী অভিনেতা নিপন গোস্বামী আৰু ব্ৰজেন বৰুৱাই ৷ আজিপৰ্যন্ত চলচ্চিত্ৰপ্ৰেমী য়ে মুখে মুখে গুণগুণাই "জিলিকি জিলিকা তৰা আকাশৰে...", "কি নাম দি মাতিম...", "অ' মইনা কোন বিধাতাই সাজিলে..." আদি 'ডঃ বেজবৰুৱা' ছবিৰ কালজয়ী গানসমূহ৷ আনহাতে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ছবি সমালোচক উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ন'ন ফীচাৰ ফিল্ম 'বহুবৃত্ত' ইতিমধ্যে বহুকেইখন আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে ৷

'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'ৰ উপৰিও বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হয় প্ৰয়াত অভিনেতা বিজু ফুকন অভিনীত ছবি 'অপৰূপা' ৷ বিয়লি 4 বজাৰ পৰা Maquinez 2ত প্ৰদৰ্শিত হয় জাহ্নু বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবিখন ৷

লগতে পঢ়কঃগুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

গোৱাত 'ড0 বেজবৰুৱা'

50 সংখ্যক আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হয় দুখনকৈ অসমীয়া ছবি৷ ব্ৰজেন বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবি 'ড0 বেজবৰুৱা' আৰু উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ছবি 'বহুবৃত্ত' প্ৰদৰ্শিত হয় আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত৷ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হৈছে আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ চমুকৈ 'IFFI'৷

পুৱা 9 বজাত  Maquinez 2 ত 'ড0 বেজবৰুৱা' প্ৰদৰ্শিত হোৱাৰ বিপৰীতে বিয়লি 5.30 বজাত INOXMovies screen 2 ত প্ৰদৰ্শিত হয় 'বহুবৃত্ত'৷ 1969 চনৰ 7 নৱেম্বৰত মুক্তি লাভ কৰা অসমীয়া থ্ৰীলাৰ ছবি 'ড0 বেজবৰুৱা' হৈছে অসমৰ ছবিজগতৰ প্ৰথমখন সফল বাণিজ্যিক ছবি৷ ছবিখনৰ প্ৰযোজনা কৰিছিল ৰংঘৰ চিনে প্ৰডাকশ্বনে৷ 'ড0 বেজবৰুৱা'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যশস্বী অভিনেতা নিপন গোস্বামী আৰু ব্ৰজেন বৰুৱাই৷ আজিপৰ্যন্ত চলচ্চিত্ৰপ্ৰেমিয়ে মুখে মুখে গুণগুণাই "জিলিকি জিলিকা তৰা আকাশৰে...",  "কি নাম দি মাতিম...", "অ' মইনা কোন বিধাতাই সাজিলে..." আদি 'ড0 বেজবৰুৱা' ছবিৰ যুগজয়ী গানসমূহ৷ আনহাতে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ছবি সমালোচক উৎপল দত্তৰ পৰিচালনাত নিৰ্মিত ন'ন ফীচাৰ ফিল্ম 'বহুবৃত্ত' ইতিমধ্যে বহুকেইখন আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে৷  

'ড0 বেজবৰুৱা' আৰু 'বহুবৃত্ত'ৰ উপৰিও বৃহস্পতিবাৰে আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হয় অভিনেতা বিজু ফুকন অভিনীত ছবি 'অপৰূপা'৷ বিয়লি 4 বজাৰ পৰা Maquinez 2ত প্ৰদৰ্শিত হয় জাহ্নু বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবিখন৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.