ETV Bharat / sitara

দোস্তানা 2 ত দেখিবলৈ পোৱা যাব এখন নতুন মুখ

কৰণ জোহৰৰ আহিবলগীয়া ছবি দোস্তানা 2 ত দেখিবলৈ পোৱা যাব এখন নতুন মুখ৷ ছবিখনত কাৰ্তিক আৰ্য়ন আৰু জাহ্নৱী কাপুৰৰ লগত একেলগে দেখিবলৈ পোৱা যাব লক্ষ্যক ৷

দোস্তানা 2 ত দেখিবলৈ পোৱা যাব এখন নতুন মুখ
author img

By

Published : Sep 5, 2019, 4:27 PM IST

নিউজ ডেস্ক,5 চেপ্তেম্বৰ: কৰণ জোহৰৰ আহিবলগীয়া ছবি দোস্তানা 2 ত দেখিবলৈ পোৱা যাব এখন নতুন মুখ৷ ছবিখনত কাৰ্তিক আৰ্য়ন আৰু জাহ্নৱী কাপুৰৰ লগত একেলগে দেখিবলৈ পোৱা যাব লক্ষ্যক৷ কৰণ জোহৰৰ ছবিৰ জৰিয়তে বহু নতুন অভিনেতা-অভিনেত্ৰীয়ে বলিউডত খোজ পেলাইছে আৰু পিছলৈ গৈ বলিউডত নিজৰ সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে৷ আলিয়া ভাট্ট, সিদ্ধাৰ্থ মালহোট্ৰা, বৰুণ ধৱণ, তাৰা সুটাৰিয়া, অনন্যা পাণ্ডে আদি বহু তাৰকাই তেওঁৰ ছবিৰ জৰিয়তেই খোজ পেলাইছে বলিউডত৷

দোস্তানা 2ত এখন নতুন মুখক দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব পাই মই অতিকৈ সুখী৷ দোস্তানা 2ত অভিনয় কৰা দেখিবলৈ পোৱা যাব লক্ষ্যক৷ আশা কৰো লক্ষ্যই আপোনালোকৰ মৰম আৰু আদৰ বুটলিবলৈ সক্ষম হ'ব৷ এই বুলি টুইটাৰ যোগে প্ৰকাশ কৰে পৰিচালক কৰণ জোহৰে৷

Etv Bharat Assam
দোস্তানা 2 ত দেখিবলৈ পোৱা যাব এখন নতুন মুখ

লগতে আন এক টুইটযোগে কৰণে স্পষ্ট কৰি দিয়ে যে লক্ষ্য ছবিজগতৰ পৰা কোনো নহয়৷ আৰু অডিশ্বনৰ দ্বাৰা তেওঁক বাছনি কৰা হৈছে৷

দোস্তানা 2 2008 চনত মুক্তি লাভ কৰা কৰণ জোহৰ পৰিচালিত আৰু প্ৰিয়াংকা ছোপ্ৰা, জন আব্ৰাহাম আৰু অভিষেক বচ্চন অভিনীত ছুপাৰহীত ছবি দোস্তানাৰ ছিকুৱেল বুলি জানিব পৰা গৈছে৷ সমলিংগতাৰ ওপৰত আধাৰিত আছিল দোস্তানা ছবিখন৷

Dostana 2 finds suitable boy in Lakshya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.