ETV Bharat / sitara

একেলগে কাম কৰিব শেখৰ কাম্মুলা আৰু ধনুষে - ঐশ্বৰ্য লেক্সমী

তামিল চুপাৰষ্টাৰ ধনুষে তেলেগু চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাম্মুলাৰ সৈতে আহিবলগীয়া পেন-ইণ্ডিয়া প্ৰজেক্টৰ বাবে লগ হৈছে । শীৰ্ষক বিহীন চলচ্চিত্ৰখনৰ অতি সোনকালে দৃশ্যগ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই ছবিখন একেসময়তে তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি দিয়া হ'ব ।

Dhanush teams up with Sekhar Kammula for pan-Indian film
ধনুষে পেন-ইণ্ডিয়ান চলচ্চিত্ৰৰ বাবে শেখৰ কাম্মুলা সৈতে লগ হৈছে
author img

By

Published : Jun 19, 2021, 9:59 AM IST

চিটাৰা ডেস্ক, 19 জুন : ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল তাৰকা ধনুষে আহিবলগীয়া এখন পেন-ইণ্ডিয়া চলচ্চিত্ৰৰ বাবে তেলেগু পৰিচালক শেখৰ কাম্মুলাৰ সৈতে লগ হৈছে । নিৰ্মাণ হ’বলগীয়া ছবিখন একেসময়তে তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি দিয়া হ'ব ৷

এই ত্ৰি-ভাষিক চলচ্চিত্ৰখন নাৰায়ণ দাস নাৰাং আৰু পুস্কুৰ ৰাম মোহন ৰাৱে তেওঁলোকৰ বেনাৰ শ্ৰী ভেংকেটেশ্বৰ চিনেমা এলএলপি (Sree Venkateswara Cinemas LLP)ৰ অধীনত আথিৰ্কভাৱে সহায় কৰিছে । আমোদজনক ভাৱে, তেলেগু চলচ্চিত্ৰখনে ধনুষৰ তেলেগু আত্মপ্ৰকাশ চিহ্নিত কৰিব, একেদৰে শেখৰেও তামিল চলচ্চিত্ৰত প্ৰৱেশ কৰিব ৷

প্ৰতিবেদন অনুসৰি, নিৰ্মাতাসকলে গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে কিছুমান নাম নিৰ্ধাৰণ কৰিছে ৷ আনহাতে কাৰিকৰী দলটো প্ৰায় দৃশ্যগ্ৰহণৰ বাবে সাজু হৈছে । জানিব পৰা মতে, শীৰ্ষক বিহীন চলচ্চিত্ৰখন চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷

ইফালে, ধনুষৰ শেহতীয়া ছবি জাগামে থান্ধিৰাম ১৮ জুনত নেটফ্লিক্সত মুক্তি লাভ কৰে । এই তামিল একচন থ্ৰিলাৰ ছবিখন এজন চতুৰ গুণ্ডাৰ বিষয়ে যাক এজন অপৰাধীয়ে তেওঁৰ এজন বিপদজনক প্ৰতিদ্বন্দীক হৰুৱাবলৈ নিয়োগ কৰে । কাৰ্তিক চুব্বাৰাজৰ দ্বাৰা পৰিচালিত এই ছবিখনত ঐশ্বৰ্য লেক্সমী, কালিয়াৰাচন আৰু জোজু জৰ্জে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

উল্লেখ্য যে, শেখৰৰ বাবে পৰৱৰ্তী সময়ত নাগা চৈতন্য আৰু চাই পল্লৱী অভিনীত তেলেগু চলচ্চিত্ৰ ‘লাভ ষ্টোৰী’ মুক্তিৰ বাবে সাজো হৈছে । মুক্তিৰ বাবে সাজু চলচ্চিত্ৰখন নিৰ্মাতাসকলে কিছুদিন অপেক্ষা কৰাৰ কথা প্ৰকাশ কৰে ৷ কিয়নো সম্প্ৰতি ক’ভিড 19 ৰ দ্বিতীয়টো ঢৌৱে আন আন ক্ষেত্ৰৰ লগতে চলচ্চিত্ৰ জগতটো প্ৰভাৱ পেলাইছে ৷ আনহাতে, চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে ছবিখনৰ থিয়েটাৰ মুক্তি বিচাৰে আৰু ছবিগৃহসমূহ পুনৰ মুকলি হোৱালৈ বাট চাইছে ৷

লগতে পঢ়ক : ‘Hum Dil De Chuke Sanam’ৰ 22 বছৰীয়া যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.