চিটাৰা ডেস্ক, ১০ জুন : বৃহস্পতিবাৰে দেহাৱসান ঘটে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি পৰিচালক বুদ্ধদেৱ দাসগুপ্তা(Buddhadeb Dasgupta)ৰ । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল ৭৭ বছৰীয়া পৰিচালকগৰাকী । বৃহস্পতিবাৰে পুৱতি নিশা নিজ বাসগৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বৃক্কৰ ৰোগত আক্ৰান্ত হৈ বুদ্ধদেৱ দাসগুপ্তা(Buddhadeb Dasgupta)ক নিয়মীয়াকৈ সপ্তাহত দুবাৰ ডায়েলাইচিছ কৰোৱা হৈছিল । বিশিষ্ট ছবি পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(MAMATA BENARJEE)য়ে ।
টুইটযোগে তেওঁ শোক প্ৰকাশ কৰি লিখিছে যে, পৰিচালকগৰাকীৰ মৃত্যু ছবি জগতৰ বাবে এক বৃহৎ ক্ষতি । মুখ্যমন্ত্ৰীগৰাকীয়ে বুদ্ধদেৱ দাসগুপ্তা(Buddhadeb Dasgupta)ৰ পৰিয়াল, সহকৰ্মী আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি ছবি নিৰ্মাতা গৌতম ঘোষে(Gautam Gosh) কয় যে, স্বাস্থ্য অৱনতি ঘটনা স্বত্বেও বুদ্ধদেৱ দাসগুপ্তাই ছবি নিৰ্মাণ কৰি আহিছিল আৰু লগতে প্ৰবন্ধও লিখিছিল । অসুস্থ অৱস্থাৰেই "টোপ" আৰু "উৰ'জাহাজ" পৰিচালনা কৰিছিল ।
লগতে পঢ়ক:১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) স্থাপন কৰিব চনু চুডে