নিউজ ডেস্ক, 24 ছেপ্টেম্বৰঃ বলিউডৰ মহানায়ক অমিতাভ বচ্চনৰ অনুৰাগীৰ বাবে আহিছে এক সুখবৰ ৷ ‘যনজীৰ’, ‘অগ্নিপথ’, ‘শ্ব’লে’, ‘পা’, ‘দিৱাৰ’, ‘ডন’, ‘চৰকাৰ’, ‘পিকু’, ‘আনন্দ’, ‘ছাৰাবি’, ‘অমৰ আকবৰ এন্থনী’, ‘চাট্টে পে চাট্টা’, ‘নমক হাৰাম’, ‘মুকাদ্দাৰ কা চিকাণ্ডাৰ’ ‘ব্লেক’ আদিৰ দৰে চিনেমাত বলিষ্ঠ অভিয়নৰ পৰিচয় দিয়া অভিনেতাগৰাকীলৈ বলিউডত দিয়া অভূতপূৰ্ব অৱদানৰ বাবে প্ৰদান কৰা হৈছে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ৷ মঙলবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে ৷
-
The legend Amitabh Bachchan who entertained and inspired for 2 generations has been selected unanimously for #DadaSahabPhalke award. The entire country and international community is happy. My heartiest Congratulations to him.@narendramodi @SrBachchan pic.twitter.com/obzObHsbLk
— Prakash Javadekar (@PrakashJavdekar) September 24, 2019 " class="align-text-top noRightClick twitterSection" data="
">The legend Amitabh Bachchan who entertained and inspired for 2 generations has been selected unanimously for #DadaSahabPhalke award. The entire country and international community is happy. My heartiest Congratulations to him.@narendramodi @SrBachchan pic.twitter.com/obzObHsbLk
— Prakash Javadekar (@PrakashJavdekar) September 24, 2019The legend Amitabh Bachchan who entertained and inspired for 2 generations has been selected unanimously for #DadaSahabPhalke award. The entire country and international community is happy. My heartiest Congratulations to him.@narendramodi @SrBachchan pic.twitter.com/obzObHsbLk
— Prakash Javadekar (@PrakashJavdekar) September 24, 2019
জাৱেদকাৰে কয় য়ে, বলিউডৰ মহানায়ক অমিতাভ বচ্চনে যোৱা দুটা দশকে বিশ্ববাসীক মনোৰঞ্জনৰ লগতে প্ৰেৰণা দি আহিছে ৷ দাদা চাহেব ফাল্কে বঁটাৰ বাবে তেওঁক মনোনীত কৰা হৈছে ৷ দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এই সুখৰ খবৰ ৷ তেওঁক মোৰ ফালৰ পৰা অলেখ শুভকামনা ৷ 2018 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে অমিতাভ বচ্চনক ৷ উল্লেখ্য যে, 1969 চনত ‘সাত হিন্দুস্তানী’ নামৰ চিনেমাৰে বলিউডত প্ৰথম খোজ দিছিল অমিতাভ বচ্চনে ৷
দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্তৰ তালিকা -
নাম | চন |
---|---|
দেৱীকা ৰাণী | 1969 |
বীৰেন্দ্ৰ নাথ চিৰকাৰ | 1970 |
পৃথ্বী ৰাজ কাপুৰ | 1971 |
পংকজ মল্লিক | 1972 |
ৰুৱী মাইয়েৰ্ৰ্চ (ছোলচানা) | 1973 |
ব’মীৰেড্ডী নৰছিম্হা ৰেড্ডী | 1974 |
ধীৰেন্দ্ৰ নাথ গাংগুলী | 1975 |
কন্নন দেৱী | 1976 |
নিতিন ব’ছ | 1977 |
ৰায়চন্দ ব’ড়াল | 1978 |
শ্বহৰাৱ মোডী | 1979 |
পাইডী জয়ৰাজ | 1980 |
নৌশ্বাদ | 1981 |
এল বি প্ৰসাদ | 1982 |
দুৰ্গা খ’টে | 1983 |
সত্যজীৎ ৰায় | 1984 |
ভি শান্তাৰাম | 1985 |
বী নাগী ৰেড্ডী | 1986 |
ৰাজ কাপুৰ | 1987 |
অশোক কুমাৰ | 1988 |
লতা মাংগেশকাৰ | 1989 |
অক্কিনেনী নাগেশ্ৱাৰা ৰাও | 1990 |
ভালজী পেণধৰ | 1991 |
ভূপেন হাজৰিকা | 1992 |
মজৰুহ চুলতানপুৰী | 1993 |
দিলীপ কুমাৰ | 1994 |
ৰাজকুমাৰ (কন্নড়) | 1995 |
শিৱাজী গণেশন | 1996 |
কবি প্ৰদীপ | 1997 |
বী আৰ চোপ্ৰা | 1998 |
ঋষিকেশ মুখাৰ্জী | 1999 |
আশা ভোঁসলে | 2000 |
যশ চোপ্ৰা | 2001 |
দেৱ আনন্দ | 2002 |
মৃণাল সেন | 2003 |
অদুৰ গৌপালকৃষ্ণণ | 2004 |
শ্যাম বেনেগাল | 2005 |
তপন সিনহা | 2006 |
মন্না ডে | 2007 |
বী কে মুৰ্থী | 2008 |
ডী ৰামানায়ডু | 2009 |
কে বালাচন্দৰ | 2010 |
সৌমিত্ৰ চটাৰ্জী | 2011 |
প্ৰাণ | 2012 |
গুলজাৰ | 2013 |
শশী কাপুৰ | 2014 |
মনোজ কুমাৰ | 2015 |
কে বিশ্বনাথ | 2016 |
বিনোদ খান্না | 2017 |
অমিতাভ বচ্চন | 2018 |