চিটাৰা ডেস্ক, 21 মাৰ্চ : বৰ্তমানে দেশত বাঢ়িছে দক্ষিণৰ ছবিৰ জনপ্ৰিয়তা ৷ ভাৰতীয় হিন্দী ছবিজগতকো ছেৰ পেলাই বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগ ৷
দক্ষিণৰ ছবি কে জি এফ চেপ্তাৰ 1 মুকলিৰ লগেই লগেই জনপ্ৰিয় হৈ পৰিছিল ৷ 2018 চনত মুক্তি পোৱা ছবিখনৰ অনুৰাগী দেশজুৰি বিয়পি আছে ৷ ছবিখনৰ জনপ্ৰিয়তালৈ চাই নিৰ্মাতাই নিৰ্মাণ কৰি উলিয়ালে ইয়াৰ দ্বিতীয় খণ্ড ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কে জি এফ চেপ্তাৰ 2 ইতিমধ্যেই মুক্তিৰ পথত ৷ চলিত বৰ্ষৰ 14 এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে ৷ কানাড়া ভাষাত মুক্তি পাবলগীয়া ছবিখন নিৰ্দেশনা কৰিছে প্ৰশান্ত নীলে ৷ ছবিখনৰ প্ৰযোজক হ’ল বিজয় কিৰাগাণ্ডুৰ ৷
এইখিনিতে অসমৰ বাবে আছে এক ভাল খবৰ ৷ কে জি এফ চেপ্তাৰ 2 ত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰাঁলীয়ে (Priyanka bharali latest news) ৷ নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে প্ৰিয়ংকাই ৷ টুফান শীৰ্ষক গানটোত কণ্ঠ নিগৰাইছে প্ৰিয়ংকাই (Priyanka bhrali new song) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সমগ্ৰ অসম বাসীৰ বাবে গৌৰৱ কঢ়িয়ালে প্ৰিয়ংকা ভৰাঁলীয়ে ৷ কণ্ঠশিল্পী গৰাকীৰ অনুৰাগী সকল উৎফুল্লিত হৈ পৰিছে খবৰটো পাই ৷