চিটাৰা ডেস্ক, ৬ অক্টোবৰ : আমিৰ খানৰ 'ডংগল' ছবিৰ অভিনেত্ৰী জায়ৰা ৱাছিম পুনৰ সক্ৰিয় হৈছে ছ'চিয়েল মিডিয়াত । বলীউড ত্যাগ কৰাৰ ২ বছৰৰ পাচত প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে জায়ৰাই । ২০১৯ চনতে বলীউডক বিদায় জনাইছিল অভিনেত্ৰীগৰাকীয়ে । অতি কম সময়ৰ বাবে জায়ৰা ৱাছিমে ছবি জগতত কাম কৰিছিল যদিও তেওঁৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল আৰু তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।
কিন্তু ২০১৯ চনত তেওঁ বলীউড ত্যাগ কৰে । এতিয়া দুবছৰৰ পাচত পুনৰ অভিনেত্ৰী জায়ৰা ৱাছিমে ছ'চিয়েল মিডিয়াত ভুমুকি মাৰিছে । ২০১৯ চনৰ ৩০ জুনত জায়ৰাই ধৰ্মৰ দোহাই দি বলীউড ত্যাগৰ কথা ঘোষণা কৰিছিল । লগতে ইনষ্টাগ্ৰামৰ পৰা তেওঁৰ সকলো ফটো ডিলিট কৰিছিল । এতিয়া পুনৰ ইনষ্টাগ্ৰাম একাউণ্টত লগ ইন কৰিছে জায়ৰাই ।
শেহতীয়াকৈ শ্বেয়াৰ কৰা ফটোখনত জায়ৰাক বোৰ্খা পৰিধান কৰা দেখা গৈছে । ফটোখনৰ লগতে জায়ৰাই লিখিছে 'দ্য ৱাৰ্ম অক্টোবৰ চান' । জায়ৰাৰ এই ফটোখন এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অভিনেত্ৰীগৰাকীয়ে এই ফটোখন শ্বেয়াৰ কৰাৰ পাচতে অনুৰাগীয়ে অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছে কমেণ্ট ছেক্সন । জায়ৰা ৱাছিমে বলীউড ত্যাগ কৰাৰ পূৰ্বে এটা পোষ্ট শ্বেয়াৰ কৰিছিল । জায়ৰাই পোষ্টটোত লিখিছিল যে, তেওঁৰ এটা সিদ্ধান্তই তেওঁৰ জীৱন সলনি কৰি দিলে ।
তেওঁ লিখে যে, "মই যেতিয়া বলীউডত খোজ পেলালো, তেতিয়া খ্যাতি লাভ কৰাত অলপো পলম হোৱা নাছিল । মই ছবি উদ্যোগটোত পাঁচটা বছৰ কাম কৰিছো, মই ভাৱো যে মই ইয়াত সুখী নহয় অৰ্থাৎ মোৰ কামক লৈ মই সুখী নহয় । বলীউডক মই বহুত মৰম, সমৰ্থন আৰু প্ৰশংসা পাইছো । কিন্তু এইবোৰৰ মাজত মই মোৰ প্ৰকৃত পথৰ পৰা আঁতৰি গৈছো আৰু মোৰ ধৰ্মৰ আদৰ্শৰ পৰা আঁতৰি গৈছো" ।
লগতে পঢ়ক:পুত্ৰ আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাচতে শ্বাহৰুখ খানলৈ সমৰ্থন বলীউড তাৰকাৰ