চিটাৰা ডেস্ক, ১২ মাৰ্চ: মহা শিৱৰাত্ৰিৰ দিনা মুক্তি লাভ কৰা জাহ্নৱী কাপুৰ অভিনীত 'ৰুহি' ছবিয়ে প্ৰথম দিনটোতে উপাৰ্জন কৰিলে ৩.০৬ কোটি । হাৰ্দিক মেহতা নিৰ্দেশিত ছবিখনৰ প্ৰযোজনা কৰিছে দীনেশ বিজন আৰু মৃঘদীপ সিং লাম্বাই । ছবিখনৰ মুক্তিৰ পূৰ্বে প্ৰচাৰৰ বাবে হোৱা ভাৰ্চুৱেল সাক্ষাৎকাৰৰ সময়ত জাহ্নৱী কাপুৰে দৃশ্যগ্ৰহণস্থলীৰ কেইটামান আমোদজনক ঘটনাৰ বিষয়ে শ্বেয়াৰ কৰিছিল । ছবিখনত জাহ্নৱীয়ে আফজা নামৰ ডাইনীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছবিখনত ডাইনী আফজাই মধুচন্দ্ৰিকাৰ বাবে যোৱা ন-কইনাক অপহৰণ কৰি আতংকৰ সৃষ্টি কৰে । জাহ্নৱীয়ে প্ৰকাশ কৰা মতে, 'ৰুহি' ছবিৰ দৃশ্যগ্ৰহণ চলি থকাৰ মাজতে ভগ্নী খুছি কাপুৰ এদিন দৃশ্যগ্ৰহণস্থলীত উপস্থিত আছিল । সেই সময়ত জাহ্নৱীয়ে হৰিণাৰ মাংস খাই থকাৰ দৃশ্যৰ শ্বুটিং কৰি থকা হৈছিল । এই দৃশ্য প্ৰত্যক্ষ কৰি খুব ভয় খাইছিল খুছি কাপুৰে । দৰাচলতে দৃশ্যগ্ৰহণৰ সময়ত হৰিণাৰ ডামী সাজি তাৰ পেটৰ অংশত তৰমুজ ভৰাই থোৱা হৈছিল আৰু আফজা অৰ্থাৎ জাহ্নৱীয়ে তৰমুজখিনি খাইছিল, যি ছবিখনত মাংস খোৱা বুলি দেখুওৱা হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে ছবিখনত ৰাজকুমাৰ ৰাও আৰু বৰুণ শৰ্মায়ো অভিনয় কৰিছে । সমগ্ৰ বিশ্বতে COVID-১৯ মহামাৰীয়ে সংকটৰ সৃষ্টি কৰাৰ সময়তে ছবিগৃহত জাহ্নৱী কাপুৰ অভিনীত ছবিখনে মুক্তি লাভ কৰে । ছবিখনৰ প্ৰম'ছনৰ বাবে জাহ্নৱীয়ে মহামাৰীৰ সংকটৰ মাজতো কাম কৰিছে । জাহ্নৱীয়ে কয় যে, মহামাৰীৰ সংকটকো নেওচি যদি দৰ্শকক তেওঁলোকে ছবিগৃহলৈ ছবি উপভোগৰ বাবে আহ্বান জনাব পাৰে, তেন্তে কিছু পৰিমাণে তেওঁলোকেও ছবিখনৰ বাবে প্ৰচাৰ চলাব লাগিব ।
লগতে পঢ়ক:সম্পত্তিক কেন্দ্ৰ কৰি হায়দৰাবাদত পত্নীয়ে হত্যা কৰিলে স্বামীক