চিটাৰা ডেস্ক, ২২ মাৰ্চ: 'মুম্বাইকাৰ'ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বলীউড ছবিত অভিনয় কৰা তামিল ছুপাৰষ্টাৰ বিজয় সেতুঁপতিয়ে শেহতীয়াকৈ আগন্তুক ছবিখনৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে । পোষ্টাৰ মুকলিৰ পিছতো ছবিখন বিশেষ চৰ্চালৈ অহা নাই যদিও বলীউড ছবিত তামিল অভিনেতাগৰাকীৰ অভিনয় উপভোগ কৰিবলৈ আশাৰে বাট চাইছে তেওঁৰ অনুৰাগীয়ে । সন্তোষ শিৱান নিৰ্দেশিত 'মুম্বাইকাৰ'ৰ ফাৰ্ষ্ট লুক সোমবাৰে পুৱা ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে বিজয় সেতুঁপতিয়ে ।

অভিনয়ৰ ক্ষেত্ৰত থকা এক বিশেষ দক্ষতাৰ বাবে জনাজাত তামিল ছুপাৰষ্টাৰগৰাকী । বিগত বৰ্ষত সেঁতুপতি অভিনীত অ' টি টি প্লেটফৰ্মত মুক্তি লাভ কৰা 'ছুপাৰ ডিলাক্স' ছবিখনক দৰ্শকে আঁকোৱালি লৈছিল । যোৱা জানুৱাৰী মাহত অভিনেতাজনে ঘোষণা কৰিছিল যে, সন্তোষ শিৱানৰ 'মুম্বাইকাৰ' ছবিৰ জৰিয়তে তেওঁ বলিউডত খোজ পেলাবলৈ সাজু হৈছে । 'মুম্বাইকাৰ' হৈছে ২০১৭ চনত মুক্তি লাভ কৰা তামিল হিট ছবি 'মানাগৰম'ৰ হিন্দী ৰিমেক ।

ছবিখনৰ শিৰোনাম আৰু ছবিখনৰ ধাৰণা ব্যাখ্যা কৰি শিৱানে পূৰ্বে কৈছিল যে, "মুম্বাই এক চুম্বক। ই সকলো অঞ্চল আৰু ধৰ্ম দুয়োটা ক্ষেত্ৰতে সমগ্ৰ ভাৰতৰ উচ্চাকাংক্ষীসকলক আকৰ্ষিত কৰে । মুম্বাই বহুতৰ বাবে সপোন, আশা, যাদুৰ চহৰ । এজন অচিনাকি ব্যক্তিয়ে ইয়াত কোনো লোকৰ জীৱন সলনি কৰিব পাৰে" । ৰিয়া শিবুৰ এই ছবিখনত তানিয়া মানিকতালা, সঞ্জয় মিশ্ৰ, ৰণবীৰ শ্ব'ৰে, শচীন খেদেকাৰ, হৃদয় হাৰুণে অভিনয় কৰিছে ।