চিটাৰা ডেস্ক,৮ মাৰ্চ: বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানে সোমবাৰে ইনষ্টাগ্ৰামত দ্বিতীয়টো পুত্ৰ সন্তানৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰে । লগতে সকলো অনুৰাগীকে আন্তৰ্জাতিক মহিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে কৰীণাই । 'মহিলাই নোৱাৰা কাম একো নাই' বুলি কেপশ্বন লিখি সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে কৰীণাই ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, ২১ ফেব্ৰুৱাৰীত চৈইফ আলী খান-কৰীণা কাপুৰৰ মাজলৈ আহিছিল দ্বিতীয়টো পুত্ৰ সন্তান । ৪০ বছৰীয়া অভিনেত্ৰী কৰীণা কাপুৰ খানৰ ২০১৬ চনৰ ২০ ডিচেম্বৰত প্ৰথম পুত্ৰ সন্তান টাইমুৰ আলী খানৰ জন্ম হৈছিল । কৰীণা কাপুৰক পৰৱৰ্তী ছবি আমিৰ খান-অভিনীত লাল সিং চাধাত দেখিবলৈ পোৱা যাব ।
লগতে পঢ়ক: উৰিত স্থানীয় লোকৰ সৈতে নৃত্য কৰিলে অভিনেতা বিকী কৌশলে