চিটাৰা ডেস্ক,29 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে মুক্তি পালে তাপসী পান্নুৰ নতুন ছবি থাপ্পৰ ৷ সদ্যমুক্তিপ্ৰাপ্ত ছবি থাপ্পৰে বক্স অফিচত প্ৰথম অৱস্থাত দুৰ্বল আৰম্ভণি কৰিছে যদিও ক্ৰমাণ্বয়ে বক্স অফিচত ভাল উপাৰ্জন কৰাৰ আশা প্ৰকাশ কৰা হৈছে ৷ অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত ছবিখনে প্ৰথম দিনটোত উপাৰ্জন কৰিছে 3.07 কোটি টকা ৷ ট্ৰেড ৰিৰ্পোট অনুসৰি,থাপ্পৰে ৰাতিপুৱাৰ শ্ব'ত যদিও বহু কম উপাৰ্জন কৰিছিল,দুপৰীয়ালৈ কিন্তু ইয়াৰ গতি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷
-
#Thappad - which started low in morning shows - gathered speed post noon onwards... Metros - especially #Delhi, #NCR - registered healthy growth towards evening and night shows... Occupancy should multiply on Day 2 and 3... Fri ₹ 3.07 cr. #India biz.
— taran adarsh (@taran_adarsh) February 29, 2020 " class="align-text-top noRightClick twitterSection" data="
">#Thappad - which started low in morning shows - gathered speed post noon onwards... Metros - especially #Delhi, #NCR - registered healthy growth towards evening and night shows... Occupancy should multiply on Day 2 and 3... Fri ₹ 3.07 cr. #India biz.
— taran adarsh (@taran_adarsh) February 29, 2020#Thappad - which started low in morning shows - gathered speed post noon onwards... Metros - especially #Delhi, #NCR - registered healthy growth towards evening and night shows... Occupancy should multiply on Day 2 and 3... Fri ₹ 3.07 cr. #India biz.
— taran adarsh (@taran_adarsh) February 29, 2020
দক্ষিণ ভাৰতীয় ছবিৰ জৰিয়তে অভিনয় ক্ষেত্ৰত পদাৰ্পণ কৰা অভিনেত্ৰী তাপসী পান্নুৱে 2013 চনত ডেভিদ ধাৱনৰ চশমে বদ্দুৰ ছবিৰ জৰিয়তে বলীউডত ভুমুকি মাৰে ৷ বিষয়কেন্দ্ৰিক চিনেমাৰ লগত জড়িত অভিনেত্ৰীগৰাকীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰি আহিছে ইখনৰ পিছত সিখন ছবিত ৷ থাপ্পৰ ছবিখনত তাপসী পান্নুৱে এগৰাকী গৃহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷ ছবিখনৰ মাধ্যেমৰে ঘৰুৱা হিংসাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে ৷ তাপসী পান্নুৰ উপৰিও ছবিখনত জেল গুলাটী,কুমুদ মিশ্ৰা,ৰত্না পাঠক সাহ,দিয়া মিৰ্জা,মানৱ কোলেৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷