ETV Bharat / sitara

তাপসী পান্নুৱে অভিনয় কৰিব হিন্দী ৰূপান্তৰণ ৰাণ ল'লা ৰাণত

এইবাৰ তাপসী পান্নুক দেখিবলৈ পোৱা যাব লোপ লপেটাত ৷ জাৰ্মান ক্লাছিক ছবি ৰাণ ল'লা ৰাণৰ হিন্দী ৰূপান্তৰণ লোপ লপেটাৰ নিৰ্দেশনা কৰিছে আকাশ ভাটিয়াই ৷

Taapsee Pannu
তাপসী পান্নু
author img

By

Published : Feb 18, 2020, 3:52 PM IST

চিটাৰা ডেস্ক, 18 ফেব্ৰুৱাৰীঃ তাপসী পান্নুক এইবাৰ দেখিবলৈ পোৱা যাব জাৰ্মান থ্ৰিলাৰ ৰাণ ল'লা ৰাণৰ হিন্দী ৰূপান্তৰণত ৷ ছবিখনত তাপসী পান্নুৰ বিপৰীতে অভিনয় কৰিব তাহিৰ ৰাজ ভাচিনে ৷ ৰাণ ল'লা ৰাণৰ হিন্দী ৰূপান্তৰণ লোপ লপেটা নামৰ ছবিখন নিৰ্দেশনা কৰিব আকাশ ভাটিয়াই ৷ নিৰ্মাতাগৰাকীয়ে চ'ছিয়েল মিডিয়াৰ যোগেদি ঘোষণা কৰে এই কথা ৷

সম্প্ৰতি তাপসী পান্নুৰ ওচৰত লোপ লপেটাৰ উপৰিও আছে আৰু তিনিখন ছবি ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ টুইটাৰযোগে জনাই যে, তেওঁ সদায় ভাল স্ক্ৰিপ্টৰ বাবে লোভ কৰে ৷ লোপ লপেটাখন চনী পিকচাৰছ ইণ্ডিয়া আৰু ইলিপছিচ এন্টাৰটেইনমেন্টৰ এখন তেনেধৰণৰে ছবি ৷

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, লেখক সমৰ্থিত এনেদৰে চৰিত্ৰ ৰূপায়ন কৰিবলৈ পাই তেওঁ যথেষ্ট সৌভাগ্য অনুভৱ কৰিছে ৷ উল্লেখ্য যে, 2021 চনৰ 29 জানুৱাৰীত মুক্তি পাব ৰাণ ল'লা ৰাণৰ হিন্দী ৰূপান্তৰণ ছবিখন ৷

লগতে পঢ়কঃ যাৰ নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে তেওঁহে বঁটা বিচাৰেঃ চলমান খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.