ETV Bharat / sitara

থ্ৰিলাৰ ছবি ‘ডোবাৰা’ৰ বাবে পুনৰ একত্ৰিত তাপসী-অনুৰাগ

author img

By

Published : Feb 12, 2021, 8:49 PM IST

বলিউড অভিনেত্ৰী তাপসী পান্নু আৰু চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে থ্ৰিলাৰ ছবি ‘ডোবাৰা’ৰ বাবে পুনৰ একত্ৰিত হৈছে । ছবিখনৰ প্ৰযোজনাত আছে কাল্ট মুভিজ, যিটো একতা কাপুৰৰ বালাজী টেলিফিল্মছৰ অধীনত সুনীৰ খেতেৰপালৰ ATHENA আৰু গৌৰৱ বসুৰ The Vermillion World Productionৰ এক নৱ বিভাজন ৷

dobaaraa
ডোবাৰা

চিটাৰা ডেস্ক,12 ফেব্ৰুৱাৰী : আহিবলগীয়া থ্ৰিলাৰ ছবি ‘ডোবাৰা’ৰ বাবে পুনৰ একত্ৰিত হৈছে অভিনেত্ৰী তাপসী পান্নু আৰু চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ ৷ টাইম ট্ৰেভেলক লৈ নিৰ্মাণ কৰা হ’ব এই ছবিখন ৷

বৃহস্পতিবাৰে তাপসী আৰু অনুৰাগ দুয়োৱে ছবিখনৰ এক আকৰ্ষণীয় টিজাৰ মুকলি কৰে । ছবিখনৰ মুখ্য চৰিত্ৰ তাপসী পান্নুৱে কয় যে, "এইখন থ্ৰিলাৰ অতুলনীয় হ’ব কিয়নো, ই অনুৰাগৰ দৰে নিৰ্মাতাই পৰিচালনা কৰিছে আৰু একতাই সমৰ্থন কৰিছে" ।

লগতে তেওঁ কয় যে, "মনমৰ্জিয়াৰ পাচত অনুৰাগ আৰু বদলাৰ পাচত সুনীৰৰ সৈতে এয়া মোৰ দ্বিতীয় সহযোগিতা ৷ গতিকে মোৰ প্ৰত্যাশা অধিক" ৷

অন্যহাতে, অনুৰাগ কাশ্যপে মন্তব্য কৰে যে "ডোবাৰাৰ সৈতে আমাৰ দৃষ্টি দৰ্শকৰ বাবে নতুন ৷ এই নতুন কাহিনীক লৈ মই উত্তেজিত । এইবাৰৰ প্ৰয়াস হৈছে থ্ৰিলাৰৰ ওপৰত এক নতুন আকৰ্ষণ" ৷

সহযোগিতাক লৈ একতা কাপুৰে মন্তব্য কৰিছে এনেদৰে,"মই ৰোমান্থন হৈ পৰিছো কাৰণ অনুৰাগে কাল্ট মুভিজৰ অধীনত প্ৰথমখন ছবি পৰিচালনা কৰিছে, য’ত তাপসী মুখ্য ভূমিকাত আছে"।

এই থ্ৰিলাৰ ছবিখন গোৱাত দৃশ্যগ্ৰহণ কৰা হ’ব আৰু শীঘ্ৰেই ছবিগৃহত মুক্তিলাভ কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : বিগ বছ 14 : পাৱাৰ গাৰ্ল ৰুবিনা দিলাইকক সমৰ্থন বিপাশা বসুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.