ETV Bharat / sitara

দিল বেচাৰাৰ অভিনেত্ৰীয়ে সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক

author img

By

Published : Jul 13, 2020, 4:44 PM IST

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ যথেষ্ট সময়েই পাৰ হ'ল যদিও প্ৰত্যেকদিনাই কোনোবাই নহয় কোনোবাই সুঁৱৰে অভিনেতাগৰাকীক ৷ সেয়া লাগিলে অনুৰাগীয়ে হওক বা তেওঁৰ সহকৰ্মীয়েই হওক ৷ শেহতীয়াকৈ দিল বেচাৰাৰ সহ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে শ্বেয়াৰ কৰিলে অভিনেতা সুশান্ত সিঙৰ এটা বিশেষ ভিডিঅ' ৷ ভিডিঅ'টোত স্বস্তিকাৰ সৈতে নৃত্য কৰা পৰিলক্ষিত হৈছে প্ৰয়াত অভিনেতাগৰাকীয়ে ৷

Swastika recalls fond memories of Sushant Singh Rajput, shares dance video
দিল বেচাৰাৰ অভিনেত্ৰীয়ে সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক

চিটাৰা ডেস্ক, 13 জুলাইঃ বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰাৰ সহ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছে অভিনেতা গৰাকীৰ এটা বিশেষ ভিডিঅ' ৷

এই ভিডিঅ'টোত স্বস্তিকা মুখাৰ্জীৰ সৈতে সুশান্ত সিং ৰাজপুতে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে ৷ এই ভিডিঅ'টো সুশান্তৰ অনুৰাগীসকলে যথেষ্ট পচন্দ কৰিছে আৰু বহুজনে প'ষ্টটো কমেন্টেৰে উপচাই পেলাইছে ৷

অভিনেত্ৰী গৰাকীয়ে ভিডিঅ'টো শ্বেয়াৰৰ জৰিয়তে সুঁৱৰিছে প্ৰতিভাৱান অভিনেতাগৰাকীক ৷ ইয়াৰ লগতে স্বস্তিকা মুখাৰ্জীয়ে ছবিখনৰ পৰিচালক মুকেশ ছাৱৰাকো ধন্যবাদ জ্ঞাপন কৰে ভিডিঅ'টো কেপচাৰ কৰাৰ বাবে ৷

স্বস্তিকা মুখাৰ্জী উপৰিও ছবিখনৰ মুখ্য অভিনেত্ৰী সঞ্জনা সাংঘীয়ে সুশান্ত সিং ৰাজপুতৰ সৈতে তোলা এখন ফটো শ্বেয়াৰ কৰে ৷ ফটোখনৰ লগতে অভিনেত্ৰীগৰাকীয়ে লিখে,ছবিখনৰ এইটো অংশ তেওঁৰ যথেষ্ট প্ৰিয় ৷ এই দৃশ্যৰ শ্বুটিং কৰি তেওঁ যথেষ্ট আনন্দিত হৈছিল ৷ ফটোখন দেখিলেই অভিনেত্ৰীগৰাকীৰ ভাল অনুভৱ হয় বুলি ব্যক্ত কৰে ছ'চিয়েল মিডিয়া যোগে ৷

লগতে পঢ়কঃশাৰীৰিক অসুস্থতাক লৈ প্ৰচাৰ হোৱা ভুৱা বাতৰি সম্পৰ্কে প্ৰতিক্ৰিয়া হেমা মালিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.