চিটাৰা ডেস্ক,11 ফেব্ৰুৱাৰীঃ পৰ্দাৰ পৰা এটা দশকজুৰি আঁতৰি আছে অভিনেত্ৰী সুষ্মিতা সেন ৷ এটা দশকৰ অন্তত পুনৰ দৰ্শকৰ আমোদ দিবলৈ আহি আছে এসময়ৰ মিচ ইউনিৰ্ভাচ আৰু বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী সুষ্মিতা সেন ৷ আৰ্য়া নামৰ এটা নতুন শ্ব'ত দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক ৷ Bollywoodhungama.comয়ে জনোৱা অনুসৰি এই শ্ব'টোৰ উন্মোচন হ'ব 29 মাৰ্চত ৷ ৱেবচাইটোৱে লগতে জনাই যে, এই শ্ব'টোৰ নিৰ্দেশনা কৰিব ৰাম মাধৱানীয়ে ৷ লগতে এই শ্ব'টো ৰিলিজ হ'ব ডিজনী আৰু হটষ্টাৰত ৷
জানিব পৰা মতে, 2019 চনৰ ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হৈছিল এই শ্ব'টোৰ শ্বুটিং ৷ সুষ্মিতা সেনে এই শ্ব'টোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ বলীউডত শেষবাৰৰ বাবে অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছিল , ন' প্ৰব্লেম নামৰ ছবিখনত ৷ দৰ্শকৰ বাবেই 10 টা বছৰৰ অন্তত অভিনেত্ৰীগৰাকীয়ে এনেদৰে পুনৰ অভিনয় ক্ষেত্ৰখনলৈ উভতি আহিছে বুলি উল্লেখ কৰিছে ৷
লগতে পঢ়কঃ দেওবাৰে ঘোষণা হ'ল 92 সংখ্যক অস্কাৰ