ETV Bharat / sitara

প্ৰয়াত অভিনেতা সুশান্ত সিঙৰ পিতৃৰ হাৰ্ট এটেক

author img

By

Published : Dec 21, 2020, 7:59 PM IST

দেওবাৰে হৃদৰোগৰ সমস্যাত ভোগাৰ পিছতে ফৰীদাবাদত থকা এছিয়ান হাস্পতালত ভৰ্তি কৰোৱা হয় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙক । পুত্ৰৰ মৃত্যুৰ পিছৰে পৰা ফৰীদাবাদস্থিত জী-জোঁৱাইৰ বাসগৃহতে আছে কে কে সিং ।

প্ৰয়াত অভিনেতা সুশান্ত সিঙৰ পিতৃৰ হাৰ্ট এটেক, এছিয়ান হাস্পতালত ভৰ্তি

চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: হৃদৰোগৰ সমস্যাত ভুগিছে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে । দেওবাৰে হাৰ্ট এটেক হোৱাৰ পিছতে কে কে সিঙক ফৰীদাবাদত থকা এছিয়ান হাস্পতালত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি তেওঁ পূৰ্বতকৈ সুস্থ হৈ উঠিছে বুলি প্ৰকাশ কৰিছে চিকিৎসকে । সুশান্ত সিঙৰ মৃত্যুৰ পিছতে পিতৃ কে কে সিঙক নিজৰ লগতে ফৰীদাবাদৰ ঘৰলৈ লৈ আনিছিল কন্যা মীনু সিঙে ।

তেতিয়াৰে পৰা জোঁৱায়েক তথা ফৰীদাবাদৰ আৰক্ষী আয়ুক্ত অ' পি সিং আৰু কন্যা মীনুৰ সৈতে ফৰীদাবাদতে আছে কে কে সিং । পুত্ৰ সুশান্তৰ মৃত্য়ুৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰিছে কে কে সিং । উল্লেখ্য যে, যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত ফ্লেটত উদ্ধাৰ হৈছিল অভিনেতাগৰাকীৰ মৃতদেহ । এই ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ তদন্তত অসন্তুষ্টি প্ৰকাশ কৰি কে কে সিঙে পাটনাত গোচৰ ৰুজু কৰে ।

ইয়াৰ পিছতে মুম্বাই আৰু পাটনা আৰক্ষীৰ লগতে বিহাৰ-মহাৰাষ্ট্ৰৰ চৰকাৰৰ মাজতো বিবাদ আৰম্ভ হয় । বৰ্তমান এই ঘটনা সন্দৰ্ভত বিভিন্ন দৃষ্টিকোণৰ পৰা চি বি আই , এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'য়ে তদন্ত চলাই আছে ।

লগতে পঢ়ক:"ৰ'জি : দ্য চেফ্ৰণ চেপ্টাৰ" ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে বিবেক অ'বেৰয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.