ETV Bharat / sitara

আহি আছে চানী দেউলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেউলৰ ছবি - মোগল-ই-আঝাম

বলীউড তাৰকা চানী দেউলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেউলে অতি শীঘ্ৰে ৰাজশ্ৰী প্ৰডাকচনৰ প্ৰেম কাহিনীৰ এখন ছবিৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিব । ৰাজবীৰ দেউলৰ ছবিখনত লেখক আৰু পৰিচালক সুৰজ বৰজাতিয়াৰ সন্তান অৱনীশ এছ বৰজাতিয়ায়ো অভিনয় কৰিব ।

আহি আছে চানী দেউলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেউলৰ ছবি

author img

By

Published : Mar 31, 2021, 3:49 PM IST

চিটাৰা ডেস্ক, ৩১ মাৰ্চ: বলীউড তাৰকা চানী দেউলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেউল অতি শীঘ্ৰে বলীউডত প্ৰৱেশ কৰিব । শীঘ্ৰে ৰাজশ্ৰী প্ৰডাকচনৰ প্ৰেম কাহিনীৰ এখন ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব ৰাজবীৰ দেউলে । বুধবাৰে এক টুইটযোগে এই কথা প্ৰকাশ কৰে বলিউড জগতৰ বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউলে । এই ছবিখনত ৰাজবীৰৰ সৈতে লেখক আৰু পৰিচালক সুৰজ বৰজাতিয়াৰ সন্তান অৱনীশ এছ বৰজাতিয়ায়ো পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰিব ।

ৰাজবীৰে ইউ কেত অধ্যয়ন কৰি এগৰাকী পৰিচালক হিচাপে কৰ্মৰত । থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক ফেৰোজ আব্বাছ খানৰ নিৰ্দেশনাত প্ৰশিক্ষণ লৈ থকা ৰাজবীৰে জবীৰে "মোগল-ই-আজম" আৰু "তুমহাৰী অমৃতা"ৰ দৰে নাটক পৰিচালনা কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে । ৰাজশ্ৰী প্ৰডাকচনৰ প্ৰেম কাহিনীৰ ছবিখন ২০২২ চনত ছবিগৃহত মুক্তি লাভ কৰাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক: ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত আলায়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.