চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বোম্বে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই অভিনেতা চনু সুদৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ । চনু সুদে তেওঁৰ মুম্বাই জুহুস্থিত আৱাসিক ভৱনত অবৈধ নিৰ্মাণকাৰ্য চলোৱাৰ বিৰুধীতাত বোম্বাই পৌৰ নিগম চমুকৈ বি এম চিয়ে জাননী প্ৰেৰণ কৰিছিল । বি এম চিৰ এই জাননীক প্ৰত্যাহ্বান জনাই অভিনেতা চনুৱে বোম্বে উচ্চ ন্যায়ালয় আবেদন জনাইছিল । কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে চনুৰ আবেদন খাৰিজ কৰাত সম্প্ৰতি চনুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।
অবৈধ নিৰ্মাণ সন্দৰ্ভত বি এম চিয়ে প্ৰেৰণ কৰা জাননীৰ বিৰুদ্ধে অভিনেতাজনে পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । কিন্তু বোম্বে উচ্চ ন্যায়ালয় চনুৰ পক্ষপাতি নাছিল । যাৰ ফলত চনুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।
চনুৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত বোম্বে উচ্চ ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়া উলংঘন কৰা বুলি উল্লেখ কৰে । উল্লেখ্য যে, প্ৰয়োজনীয় অনুমতি অবিহনে চনু সুদে তেওঁৰ আৱাসিক ভৱনটোতো হোটেল খোলাৰ যো-জা চলাইছিল । বিগত বৰ্ষৰ অক্টোবৰ মাহত বি এম চিয়ে জাননী প্ৰেৰণ কৰাৰ পাচতো নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছিল । তাৰ পাচতে জুহু আৰক্ষীক এক অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছিল ।
এই সন্দৰ্ভত জানুৱাৰীৰ মাহৰ আৰম্ভণিতে বি এম চিয়ে জুহু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ অনুৰোধ জনাইছিল ।
লগতে পঢ়ক:বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক