চিটাৰা ডেস্ক, 8 জুনঃ প্ৰৱাসী শ্ৰমিকক ঘৰলৈ পঠিওৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে জনপ্ৰিয় অভিনেতা চনু চুডে ৷ ইয়াৰ মাজতেই অভিনেতাগৰাকী হৈ পৰিছে ৰিলেশ্বনশ্বিপ গুৰু ৷ তেওঁ প্ৰেমিক যুগলক দি আছে সম্বন্ধ বচোৱাৰ উপদেশ ৷
-
Hey.. pls don’t fight🙏 Don’t let the tough times affect this precious bond. I promise to take u both out for dinner and will speak to you Tom on a video call too. But only if u promise to stay together ❤️❣️ https://t.co/UgjPD1wLrI
— sonu sood (@SonuSood) June 6, 2020 " class="align-text-top noRightClick twitterSection" data="
">Hey.. pls don’t fight🙏 Don’t let the tough times affect this precious bond. I promise to take u both out for dinner and will speak to you Tom on a video call too. But only if u promise to stay together ❤️❣️ https://t.co/UgjPD1wLrI
— sonu sood (@SonuSood) June 6, 2020Hey.. pls don’t fight🙏 Don’t let the tough times affect this precious bond. I promise to take u both out for dinner and will speak to you Tom on a video call too. But only if u promise to stay together ❤️❣️ https://t.co/UgjPD1wLrI
— sonu sood (@SonuSood) June 6, 2020
গুৱাহাটীত থকা এগৰাকী হাৰিয়ানাৰ মানুহে লিখিছিল," প্ৰিয় ছাৰ,মই অসমৰ গুৱাহাটীত আছো আৰু হাৰিয়ানাৰ ৰেৱাৰীৰ নিজৰ টাউনলৈ যাব বিচাৰিছো ৷ লক্ ডাউনৰ পিছত বহুত সমস্যাৰ সন্মুখীন হৈছো ৷ এই পৰ্যন্ত হৈছে,বৰ্তমান মোৰ পত্নীৰ লগত কাজিয়া হৈ গৈছে বৰ্তমান দুয়োৱে আমি বিবাহ বিচ্ছেদ কৰিব বিচাৰো ৷ অনুগ্ৰহ কৰি মোক গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱাৰ কিবা এটা ব্যৱস্থা কৰক ৷ মই গোটেই জীৱন আপোনাৰ কৃতজ্ঞ হৈ ৰ'ম ৷"
এই প'ষ্টটোৰ সুন্দৰ ৰিপ্লাই দিছে অভিনেতাগৰাকীয়ে ৷ তেওঁ কৈছে," অনুগ্ৰহ কৰি কাজিয়া নকৰিব,এই কঠিন পৰিস্থিতিয়ে অমূল্য সম্বন্ধত প্ৰভাৱ পেলাইছে ৷ মই কথা দিছো আপোনালোক দুয়োকে মই ডিনাৰ কৰিবলৈ বাহিৰলৈ লৈ যাম আৰু ভিডিঅ' কলৰ জৰিয়তে আপোনাৰ লগত কথা পাতিম,কিন্তু তেতিয়াহে পাতিম যেতিয়া দুয়োৱে একেলগা থকাৰ প্ৰতিশ্ৰুতি দিব ৷"
তেওঁ এই কঠিন সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ লগে লগে মানুহক কথাৰেও সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিছে ৷
লগতে পঢ়কঃ ওটিটি প্লেলফৰ্মত মুকলি নহয় কংগানা ৰাণাৱটৰ আহিবলগীয়া ছবি 'থালাইভি'