চিটাৰা ডেস্ক, ২৫ জুন : বলিউডৰ অন্যতম মিউজিক প্ৰডাকচন টি-চিৰিজৰ অধ্যক্ষ তথা এম ডি ভূষণ কুমাৰৰ বিৰুদ্ধে বলিউডৰ কণ্ঠশিল্পী চনু নিগমে মন্তব্য কৰাৰ পিছতেই এইবাৰ চনু নিগমক প্ৰত্যুত্তৰ দিয়ে ভূষণ কুমাৰৰ পত্নী অভিনেত্ৰী দিব্যা খোচলা কুমাৰে । ইনষ্টাগ্ৰামত এক ভিডিঅ' শ্বেয়াৰ কৰি প্ৰত্যুত্তৰ দিয়ে দিব্যাই ।
দিব্যা কুমাৰ খোচলাই কণ্ঠশিল্পী চনু নিগমক প্ৰচাৰৰ ধাৰণাটো ‘মিছা বিক্ৰী’ কৰা বুলি আখ্যা দিয়াৰ লগতে তেওঁক ‘অকৃতজ্ঞ’ বুলি অভিহিত কৰে । টি-চিৰিজৰ বিৰুদ্ধে ঠিয় দিবলৈ মানুহক উৎসাহিত কৰা বুলি কৈ এই কাম বন্ধ কৰিবলৈ চনু নিগমক আহ্বান জনায় অভিনেত্ৰী দিব্যাই ।
লগতে পঢ়ক : বাণিজ্যত সপ্তম স্থান দখলেৰে মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়ালে ৰোহিত আগৰৱালে