ETV Bharat / sitara

শেষ হ'ল সোনম কাপুৰৰ কোৱাৰেন্টাইন পিৰিয়ড, জিমৰ পৰা ফটো দিলে অভিনেত্ৰীগৰাকীয়ে

author img

By

Published : Jul 28, 2020, 12:49 PM IST

পুনৰ সক্ৰিয় ৰূপত সোনম কাপুৰ ৷ 14 দিনৰ কোৱাৰেন্টাইন শেষ হোৱাৰ পিছত লণ্ডনৰ এটা জিমৰ পৰা নিজৰ এখন ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷

Sonam Kapoor happy to spend 'first day out of quarantine' at the gym
অভিনেত্ৰী সোনম কাপুৰ

চিটাৰা ডেস্ক,28 জুলাইঃ নিজৰ ফিটনেছক লৈ যথেষ্ট সজাগ হৈ থাকে অভিনেত্ৰী সোনম কাপুৰ ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ 14 দিনৰ কোৱাৰেন্টাইন শেষ হোৱাৰ পিছত পুনৰ শৰীৰ চৰ্চাত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী গৰাকী ৷

ছ'চিয়েল মিডিয়া যোগে অভিনেত্ৰীয়ে শ্বেয়াৰ কৰিছে জিমত তোলা এখন ফটো ৷ লণ্ডনত 14 কোৱাৰেন্টাইন শেষ হোৱাৰ পিছত পুনৰ জিমলৈ যাবলৈ লৈছে অভিনেত্ৰী সোনম কাপুৰে ৷

ইনষ্টাগ্ৰাম যোগে তেওঁ এই কথা জনাইছে অনুৰাগীসকলক ৷ জিমৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে, য'ত তেওঁক এটা ক'লা লেগিংগ আৰু বগা টি-চাৰ্ট পিন্ধি থকা দেখিবলৈ পোৱা গৈছে ৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰি এখন ক'লা ৰঙৰ মাস্কো পৰিধান কৰা পৰিলক্ষিত হৈছে ফটোখনত ৷

অভিনেত্ৰীগৰাকীৰ এই প'ষ্টটোত লাইক আৰু কমেন্টেৰে উপচাই পেলাইছে তেওঁৰ অনুৰাগীসকলে ৷

অভিনেত্ৰী গৰাকীৰ কামৰ কথালৈ চালে, তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল জ'য়া ফেক্টৰ নামৰ ছবিখনত ৷ য'ত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মালায়ালাম তাৰকা ডলকৰ চলমানে ৷

লগতে পঢ়কঃদেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.