ETV Bharat / sitara

দীপিকাৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহী সিদ্ধান্ত চৰ্তুবেদী

author img

By

Published : Jun 24, 2020, 2:25 PM IST

গালী বয় ষ্টাৰ সিদ্ধান্ত চৰ্তুবেদীয়ে আগন্তুক দিনত অভিনয় কৰিব শকুন বত্ৰাৰ নতুন ছবিত ৷এই ছবিখনত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে একেলগে অভিনয় কৰিব নৱাগত অভিনেতা সিদ্ধান্ত চৰ্তুবেদীয়ে ৷ ইয়াকে লৈ এতিয়া যথেষ্ট উৎসাহী হৈ পৰিছে অভিনেতাগৰাকী ৷

SIDDHANT CHATURVEDI EXCITED WORKING WITH DEEPIKA PADUKONE NEXT
দীপিকাৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহী সিদ্ধান্ত চৰ্তুবেদী

চিটাৰা ডেস্ক,24জুনঃ ছবি গালী বয়ত এমচি.চেৰৰ চৰিত্ৰত অভিনয় কৰা উদীয়মান অভিনেতা সিদ্ধান্ত চতুৰ্বেদীৰ ওচৰত বৰ্তমান আছে বহুকেইখন ছবি ৷

শেহতীয়াকৈ তেওঁ শকুন বত্ৰাৰ বেনাম নামৰ ছবিখনৰ বাবে চুক্তিৱদ্ধ হৈছে ৷ এই ছবিখনত সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ৷ ইয়াকে লৈ এতিয়া যথেষ্ট উৎসাহী হৈ পৰিছে নৱাগত অভিনেতাগৰাকী ৷

তেওঁ আগন্তুক প্ৰজেক্টসমূহক লৈ যথেষ্ট ৰোমাঞ্চিত হৈ আছে ৷ তেওঁ আই.এ.এন.এছক সদৰী কৰা মতে," মই বান্টি আৰু বাবলী ছবিৰ বাবে যথেষ্ট উৎসাহী হৈ আছো আৰু এইখন মানুহে চোৱাক লৈ ৰামাঞ্চিত হৈ আছো ৷ মোৰ এনেকুৱা অনুভৱ মহামাৰীৰ পিছত ছবিখনৰ লগত সকলোখিনি ভাল হ'ব ৷ এই ছবিখন এখন পৰিয়ালকেন্দ্ৰিক ছবি৷"

লগতে কয়," এইখন যথেষ্ট সুন্দৰ ছবি, মই ইয়াৰ শ্বুটিং কৰি বহুত ভাল পালো আৰু এই জটিল সময়খিনিৰ পিছত দৰ্শকক এনেধৰণৰ ৰসাল আৰু পাতল ছবিৰ প্ৰয়োজন আছে ৷ মই প্ৰকৃততেই এই ছবিখনক লৈ উৎসাহী৷"

ইয়াৰ উপৰিও শকুন বত্ৰাৰ আগন্তুক ছবি বেনামত দীপিকা পাডুকন আৰু অনন্যা পাণ্ডেৰ সৈতে একেলগে অভিনয় কৰিব সিদ্ধান্ত চৰ্তুবেদীয়ে ৷

তেওঁ কয়," উৎসাহিত হৈছো কিয়নো এইখন এনেকুৱা ছবি যাৰ শৈলী আগতে কেতিয়াও হিন্দী চিনেমাত প্ৰয়োগ কৰা নাই ৷ ছবিখনত সুক্ষ্মতাৰে কাম কৰা হৈছে আৰু ইয়াত বহুত তথ্যও আছে ৷ শকুন এগৰাকী উৎকৃষ্ট পৰিচালক ৷এই ছবিখন সমসাময়িক অৰ্থাৎ নতুন প্ৰজন্মৰ ছবি ৷ বহুত আনন্দ লাগিব ৷ মই দীপিকা পাডুকনৰ সৈতে অভিনয় কৰিম ! দীপিকাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱে সকলো ল'ৰাৰ সপোন ৷ এইখন এখন ৰোমান্টিক থ্ৰিলাৰ আৰু মই নিজৰ সুখ খিনি নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷"

লক্ ডাউনৰ সময়খিনিত অভিনেতাগৰাকীৰ ধুপ নামৰ এটা নতুন মিউজিক ট্ৰেক মুক্তি লাভ কৰিছিল ৷ লক্ষণীয় ভাৱে এই ট্ৰেকটোৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃ মিৰ্জাপুৰ অভিনেত্ৰী অনংশা বিশ্বাসে কি ক'লে নিজৰ ডিপ্ৰেছন সন্দৰ্ভত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.