চিটাৰা ডেস্ক, 15 মাৰ্চ : দক্ষিণৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্দেশক এছ এছ ৰাজামৌলীৰ বহু প্ৰতীক্ষিত ছবি আৰ আৰ আৰ মুকলিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷ চলিত মাহৰে 25 তাৰিখে মুক্তি লাভ কৰিব ছবিখনে (RRR release date) ৷
আৰ আৰ আৰৰ নিৰ্মাতাই মুক্তিৰ পূৰ্বে মুকলি কৰিলে ছবিখনৰ এটি দেশভক্তিমূলক গীত (RRR songs) ৷ য’ত আলিয়া, জুনিয়ৰ এন টি আৰ আৰু ৰামচৰণে প্ৰাণখুলি নৃত্য কৰা দেখিবলৈ পোৱা গৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ পূৰ্বে দেওবাৰে ছবিখনৰ নিৰ্মাতাই শ্বোলে গানটোৰ প্ৰ’ম’ পাঁচটা ভাষা ক্ৰমে হিন্দী, তেলেগু, তামিল, কানাড়া আৰু মালয়ালমত মুক্তি দিছিল ৷ অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে ছবিখনৰ মুক্তিৰ দিনটোলৈ ৷
আৰ আৰ আৰ ছবিখন এখন বিগ বাজেটৰ ছবি ৷ এছ এছ ৰাজামৌলী সহ ছবিখনৰ লগত জড়িত সকলোৱে আশা কৰিছে ছবিখনৰ সফলতা ৷ ছবিখনত বলীউডৰ অভিনেতা অজয় দেৱগণক মুখ্য ভূমিকাত দেখিবলৈ পোৱা যাব (RRR movie cast) ৷
লগতে পঢ়ক: বাফ্টা 2022 য়ে শ্ৰদ্ধাঞ্জলি জনালে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক