ETV Bharat / sitara

Shilpa Shetty female centric film: শিল্পা শেট্টীৰ জীৱনৰ প্ৰথমখন নাৰীকেন্দ্ৰিক ছবি

author img

By

Published : Mar 2, 2022, 7:59 PM IST

সুখী শীৰ্ষক এখন ছবিৰে বহু দিনৰ বিৰতিৰ মূৰত দৰ্শকক আমোদ দিবলৈ আহি আছে অভিনেত্ৰী শিল্পা শেট্টী (Shilpa Shetty new movie) ৷ মঙলবাৰে এই নতুন চলচ্চিত্ৰখনৰ কথা ঘোষণা কৰে তেওঁ ।

first look out
শিল্পা শেট্টীৰ জীৱনৰ প্ৰথমখন নাৰীকেন্দ্ৰিক ছবি

চিটাৰা ডেস্ক, 2 মাৰ্চ : ১৯৯৩ চনত বাজীগৰ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰা শিল্পা শেট্টীয়ে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে তেওঁৰ অভিনয় জীৱনৰ এক ভাল খবৰ ৷ বলীউডত ইমান এটা দীঘলীয়া যাত্ৰাৰ অন্তত শিল্পাই এটা আকৰ্ষণীয় নতুন প্ৰজেক্টেৰে আহি আছে দৰ্শকৰ মাজলৈ (Shilpa Shetty new movie) ৷ সুখী নামৰ এখন নাৰীকেন্দ্ৰিক চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে অভিনেত্ৰী গৰাকী (Shilpa Shetty female centric film ) ৷

মঙলবাৰে নিজৰ ইন্ষ্টাগ্ৰামত এখন পোষ্টাৰৰে সৈতে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে শিল্পা শেট্টীয়ে ৷ পোষ্টাৰ দেখি এখন মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ যেন অনুমান কৰিব পাৰি ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শিল্পাই । এই ছবিখন শিল্পাৰ বাবে বিশেষ হ'ব কিয়নো বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত এইখনেই তেওঁৰ প্ৰথম মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ হ'ব ।

আবুদান্তিয়া এণ্টাৰটেইনমেণ্ট আৰু টি-চিৰিজে ছবিখন একেলগে প্ৰযোজনা কৰিব (Shilpa Shetty new film) । আবুদান্তিয়া এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক বিক্ৰম মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ নিৰ্মাণৰ বাবে জনাজাত ৷ শেৰ্নী, শকুন্তলা দেৱী আদি শক্তিশালী মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ তেওঁ নিৰ্মাণ কৰিছে । ধুম ৩ আৰু জব হেৰী মেট চেজলৰ দৰে চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰা সোনল যোশীয়ে আহিবলগীয়া ছবিখন পৰিচালনা কৰিব ।

শিল্পাই শেহতীয়াকৈ কমেডি-ড্ৰামা হাংগামা ২ ৰ সৈতে কেইবা বছৰৰ ব্যৱধানৰ পিছত ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিছিল (Shilpa Shetty lastest news) । শিল্পাই বৰ্তমান ইণ্ডিয়াজ গট টেলেণ্টৰ বিচাৰকৰ আসন শুৱনি কৰিছে কিৰন খেৰ, বাদশ্বাহ আৰু লেখক মনোজ মুন্তাশিৰৰ সৈতে ।

লগতে পঢ়ক: প্ৰেমিক জেকী ভাগনানীৰে সৈতে মালদ্বীপত ৰোমান্টিক সময় অতিবাহিত কৰিছে ৰাকুল প্ৰীত সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.