চিটাৰা ডেস্ক, ২৪ জুলাই : শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাৰ (Raj Kundra) গ্ৰেপ্তাৰৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰিছে । তেনে সময়তে অভিনেত্ৰীগৰাকীক সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ট্ৰল (Troll) কৰা দেখা গৈছে । কিয়নো অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া ছবি হাংগামা ২ (Hungama 2) চাবলৈ ৰাইজক আহ্বান জনাইছিল শিল্পা চেট্টীয়ে ।
-
(1/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021 " class="align-text-top noRightClick twitterSection" data="
I believe and practice the teachings of Yoga, “The only place where life exists is the present moment, NOW.”
Hungama 2 involves the relentless efforts of an entire team that’s worked very hard to make a good film, and the film shouldn’t suffer… ever!#Hungama2 pic.twitter.com/JCeEGXVZ09
">(1/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021
I believe and practice the teachings of Yoga, “The only place where life exists is the present moment, NOW.”
Hungama 2 involves the relentless efforts of an entire team that’s worked very hard to make a good film, and the film shouldn’t suffer… ever!#Hungama2 pic.twitter.com/JCeEGXVZ09(1/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021
I believe and practice the teachings of Yoga, “The only place where life exists is the present moment, NOW.”
Hungama 2 involves the relentless efforts of an entire team that’s worked very hard to make a good film, and the film shouldn’t suffer… ever!#Hungama2 pic.twitter.com/JCeEGXVZ09
তেওঁৰ স্বামীৰ গ্ৰেপ্তাৰৰ বাবে ছবিখনে যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবেও দৰ্শকক অনুৰোধ জনাইছে অভিনেত্ৰীগৰাকীয়ে । শিল্পা চেট্টীৰ এই আহ্বানৰ পিছতে বিভিন্নজনে তেওঁৰ টুইটক সমালোচনা কৰিছে । ছ'চিয়েল মিডিয়াত (Social media) শিল্পাই ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি কৈছিল যে তেওঁ যোগ শিক্ষাক বিশ্বাস কৰে আৰু অনুশীলন কৰে । সেয়ে জীৱনৰ বৰ্তমানৰ মুহুৰ্তকলৈ জীয়াই থাকিব লাগে বুলি তেওঁ বিশ্বাস কৰে ।
এখন ভাল ছবি নিৰ্মাণৰ বাবে হাংগামা ২ ৰ পৰিয়ালে যথেষ্ট কষ্ট কৰিছে ৷ যাৰ বাবে ছবিখনে কোনো ক্ষতিৰ সন্মুখীন নোহোৱাটো তেওঁ বিচাৰিছে । তেওঁ লগতে সকলোকে পৰিয়ালৰ সৈতে হাংগামা ২ চাবলৈ অনুৰোধ জনায় ।
যাতে ছবিখনৰ সৈতে সংলগ্ন প্ৰতিজন ব্যক্তিৰ বাবে সকলোৱে এবাৰ হাঁহিব পাৰে । অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে বহুতো লোকে তেওঁৰ স্বামীৰ গোচৰ সন্দৰ্ভত তেওঁক ট্ৰল কৰিবলৈ আৰম্ভ কৰে । এগৰাকীয়ে লিখিছে স্বামী কাৰাগাৰত থাকিলেও টুইটাৰত চিনেমাখনৰ প্ৰচাৰ কৰিবলৈ তেওঁ কিমান নিৰ্ভীক হ'ব লাগিব । আন এজনে প্ৰশ্ন কৰিছে এই সকলোবোৰ জ্ঞান আৰু শিক্ষা তেওঁ নিজৰ স্বামীক কিয় দিয়া নাছিল ।
প্ৰথমে ক্ৰিকেট বেটিং প্ৰৱঞ্চনা আৰু এইবাৰ এই ঘটনা । জুই অবিহনে কোনো ধোঁৱা থাকিব নোৱাৰে বুলিও লোকজনে টুইটত সমালোচনা কৰে অভিনেত্ৰীগৰাকীক । কাৰণ এটা সময়ত শিল্পাই কৈছিল যে দুয়োগৰাকীৰ মিলিত প্ৰচেষ্টাৰ অন্তত তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰিব পাৰিছে ।
-
(2/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021 " class="align-text-top noRightClick twitterSection" data="
So today, I request you all to watch Hungama 2 with your families to put a smile on your face and for the sake of every single person attached to the film.
Thank you🙏😇
With gratitude,
Shilpa Shetty Kundra 🙏🏻🧿
">(2/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021
So today, I request you all to watch Hungama 2 with your families to put a smile on your face and for the sake of every single person attached to the film.
Thank you🙏😇
With gratitude,
Shilpa Shetty Kundra 🙏🏻🧿(2/2)
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) July 23, 2021
So today, I request you all to watch Hungama 2 with your families to put a smile on your face and for the sake of every single person attached to the film.
Thank you🙏😇
With gratitude,
Shilpa Shetty Kundra 🙏🏻🧿
এগৰাকী ব্যক্তিয়ে আকৌ কৈছে জীৱনৰ প্ৰতিটো সময়তে এটা বিকল্প থাকে । প্ৰলোভনে জীৱনত ভুল কাম কৰিবলৈ হেঁচা দিয়ে । অৱশ্যে সঠিক পথেৰে কোনো এটা বস্তু লাভ কৰাৰ সময়ত প্ৰলোভন বেয়া হ'ব নোৱাৰে । কিন্তু সকলোৱে জীৱনত শ্বৰ্টকাট বিচাৰে আৰু এনেবোৰ কাৰ্য সংঘটিত কৰে ।
ইয়াৰ মাজতে এগৰাকীয়ে শিল্পাক প্ৰশ্ন কৰিছে ৰাইজে এতিয়া তেওঁৰ স্বামীৰ বাতৰি চাব লাগে নে হাংগামা ২ চাব লাগে ? মুঠতে বহুলোকে স্বামীৰ কৰ্মকাণ্ডৰ বাবে শিল্পাক একপ্ৰকাৰ ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে হাংগামা ২ হৈছে পৰিচালক প্ৰিয়দৰ্শনৰ ২০০৩ চনত মুক্তি পোৱা হিট হাংগামাৰ (Hungama) চিকুৱেল । নতুন চিকুৱেলত অভিনেতা মীজান জাফে, প্ৰাণিতা সুভাষ, ৰাজপাল যাদৱ আৰু আশুতোষ ৰাণাই অভিনয় কৰিছে । ছবিখনৰ প্ৰিমিয়াৰ ২৩ জুলাইত কেৱল ডিজনী+ হটষ্টাৰ ভিআইপি আৰু ডিজনী+ হটষ্টাৰ প্ৰিমিয়ামৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হৈছিল ।
লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ: নীৰৱতা ভংগ কৰিলে শিল্পা চেট্টীয়ে