ETV Bharat / sitara

COVID-19ক প্ৰত্যাহ্বান জনাই স্ব-গৃহলৈ উভতিল বৰ্ষীয়ান অভিনেতা সতীশ ছাহ

author img

By

Published : Aug 9, 2020, 8:54 PM IST

কৰ'ণাৰ সংক্ৰমণলৈ আহিছিল ছবিজগতৰ বিশিষ্ট অভিনেতা সতীশ ছাহ ৷ কৰ'ণা সংক্ৰমণৰ ফলত তেওঁ এসপ্তাহ ধৰি হাস্পতালত থকাৰ পিছত তেওঁ বৰ্তমান উভতিছে স্ব-গৃহলৈ ৷ 11 আগষ্টলৈকে হোম কোৱাৰেন্টাইন হৈ থাকিব বৰ্ষীয়ান অভিনেতাগৰাকী ৷

Satish shah reveals covid 19 diagnosis thanks hospital after testing negative
বৰ্ষীয়ান অভিনেতা সতীশ ছাহ

চিটাৰা ডেস্ক,9 আগষ্টঃ বিগত মাহত কৰ'ণা সংক্ৰমণ হৈছিল প্ৰসিদ্ধ অভিনেতা সতীশ ছাহৰ ৷ কৰ'ণা সংক্ৰমণৰ ফলত তেওঁ এসপ্তাহ ধৰি হাস্পতালত থকাৰ পিছত তেওঁ বৰ্তমান সুস্থ হৈ ঘৰলৈ উভতিছে ৷

অভিনেতাগৰাকীয়ে জনাই যে, "মোৰ কিছুদিনৰ পৰা বাৰে বাৰে জ্বৰ হৈ আছিল,মোৰ তাপমাত্ৰা 99 ৰ পৰা 100ৰ মাজত আছিল আৰু পেৰাচিটেমোল খাই থিক কৰাৰ চেষ্টা কৰি আছিলো ৷ কিন্তু মোৰ জ্বৰ যোৱাৰ নামেই লোৱা নাছিল ৷ এনেকুৱাতে মই চিকিৎসকৰ পৰামৰ্শ মতে COVID-19 পৰীক্ষা কৰালো আৰু তাৰ পিছতে ভৰ্ত্তি হ'লো মুম্বাইৰ লীলাৱতী হাস্পতালত ৷"

69 বছৰীয়া অভিনেতাগৰাকীয়ে লগতে কয়,"মই যোৱা চাৰিটা মাহৰ পৰা ঘৰৰ বাহিৰলৈ ওলোৱা নাছিলো ৷ কিন্তু নাজানো কেনেকৈ মই এই বেমাৰৰ বলি হ'লো ৷ বৰ্তমান 11 আগষ্টলৈকে মই হোম কোৱাৰেন্টাইন হৈ থাকিম আৰু মোৰ স্বাস্থ্য বৰ্তমান ভালেই আছে ৷"

তেওঁক সোধা হৈছিল যে, তেওঁ ইমান দিন কিয় কৰ'ণা হোৱাৰ কথা কিয় লুকুৱাই ৰাখিলে ৷ তেতিয়া অভিনেতা গৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে,"মই বিচাৰিছিলো যে মই সম্পূৰ্ণৰূপে সুস্থ হৈ এই সন্দৰ্ভত কথা পাতিম ৷"

তেওঁ সকলোকে এটাই উপদেশ দিয়ে যে, কৰ'ণাক লৈ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু সাৱধানতা অৱলম্বন কৰাটো যথেষ্ট জৰুৰী ৷

লগতে পঢ়কঃৰিয়া আৰু ৰিয়াৰ ভাতৃলৈ দ্বিতীয় বাৰৰ বাবে EDৰ চমন প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.