মুম্বাই, ৭ জুন: ভিকি কৌশলৰ অভিনীত ছবি সৰদাৰ উধম সিঙৰ নিৰ্মাণৰ কাম ৮ জুন পৰা আৰম্ভ হ'ব । ছবিখনৰ পৰিচালক সুজিৎ সিৰকাৰে দেওবাৰে ঘোষণা কৰে এই কথা ।
মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রণালয়ে এক সপ্তাহ পূৰ্বে ৰাজ্যখনত পুনৰ চলচ্চিত্ৰ, ধাৰাবাহিক, বিজ্ঞাপন, অটিটিৰ শ্বুটিং আৰম্ভ কৰাৰ অনুমতি দিছিল । সাংস্কৃতিক মন্ত্রণালয়ৰ এই ঘোষণাৰ পাছতেই দেওবাৰে চলচ্চিত্র নিৰ্মাতাগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰে ভাৰতীয় বিপ্লৱী সৰদাৰ উধম সিঙৰ বায়োপিকখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ তথ্য ।
অৱশ্যে ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত লক ডাউনৰ সকলো নীতি নিয়মৰ লগতে সামাজিক দুৰত্ব মানি চলিব লাগিব ।