ETV Bharat / sitara

আজি ঘোষণা কৰা হ'ব কেজিএফঃ চেপ্টাৰ-২ৰ মুক্তিৰ দিন

author img

By

Published : Jan 29, 2021, 5:18 PM IST

আজি ঘোষণা কৰা হ'ব কেজিএফঃ চেপ্টাৰ-২ৰ মুক্তিৰ দিন । বলীউড অভিনেতা সঞ্জয় দত্তই টুইটযোগে প্ৰকাশ কৰিছে এই কথা । ছবিখনত 'অধীৰা'ৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সঞ্জয় দত্তই । মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে জনপ্ৰিয় অভিনেতা যশে ।

আজি ঘোষণা কৰা হ'ব কেজিএফঃ চেপ্টাৰ-২ৰ মুক্তিৰ দিন
আজি ঘোষণা কৰা হ'ব কেজিএফঃ চেপ্টাৰ-২ৰ মুক্তিৰ দিন

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: কেজিএফঃ চেপ্টাৰ-২ উপভোগ কৰিবলৈ অপেক্ষা কৰি থকা দৰ্শকক আনন্দিত কৰি তুলিছে বলীউড অভিনেতা সঞ্জয় দত্তৰ এটা টুইটে । কিয়নো, টুইটযোগে অভিনেতাগৰাকীয়ে কেজিএফঃ চেপ্টাৰ-২ৰ মুক্তিৰ দিন শুক্ৰবাৰে ঘোষণা কৰা হ'ব বুলি জনাইছে । ৬১ বছৰীয়া অভিনেতাগৰাকীয়ে লগতে ছবিখনৰ এখন পোষ্টাৰো শ্বেয়াৰ কৰে । মুখ্য চৰিত্ৰ ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা যশক এইবাৰ গেংষ্টাৰৰ ৰূপত দেখা যাব ।

কেজিএফত যশক পীড়িত লোকৰ উদ্ধাৰকাৰীৰ ৰূপত দেখা গৈছিল । কেজিএফঃ চেপ্টাৰ-২ত ৰকীৰ চৰিত্ৰ ৰূপায়ণ কৰা যশ আৰু 'অধীৰা'ৰ চৰিত্ৰ ৰূপায়ণ কৰা সঞ্জয় দত্তৰ মাজৰ সংঘৰ্ষময় যাত্ৰা দেখা পোৱা যাব । যশ আৰু সঞ্জয় দত্তৰ উপৰিও ছবিখনত ৰবীনা টেণ্ডন আৰু শ্ৰীনিধি ছেট্টীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে । কেজিএফঃ চেপ্টাৰ-২ ছবিখন পৰিচালনা কৰিছে প্ৰশান্ত নীল আৰু কেজিএফ ছবিখনো তেওঁ পৰিচালনা কৰিছিল ।

লগতে পঢ়ক:সামাজিক মাধ্য়মত কাজলৰ নতুন ফটোক লৈ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.