চিটাৰা ডেস্ক,10 আগষ্টঃ দুদিন পূৰ্বে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্ত্তি কৰা হৈছিল বলীউড অভিনেতা সঞ্জয় দত্তক ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল অভিনেতা গৰাকীয়ে ৷ 8 আগষ্টৰ দিনা ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্ত্তি কৰা হয় অভিনেতা গৰাকীক ৷ হাস্পতালত তেওঁৰ কৰ'ণা পৰীক্ষণো কৰা হৈছিল ,যাৰ ফলাফল নিগেটিভ আহিছিল ৷
অভিনেতা গৰাকীয়ে হাস্পতালৰ পৰা ছ'চিয়েল মিডিয়া যোগে নিজৰ স্বাস্থ্যৰ খবৰ জনাই আছিল অনুৰাগীসকলক ৷ শেহতীয়াকৈ অভিনেতা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগতে অব্যাহতি লাভ কৰিছে হাস্পতালৰ পৰা ৷
উল্লেখ্য যে, বৰ্তমান অভিনেতাগৰাকীৰ পত্নী আৰু দুই সন্তান ডুবাইত আছে ৷ লক্ ডাউনৰ বাবে তেওঁলোক নিজ গৃহলৈ ঘূৰি আহিব পৰা নাই ৷ সঞ্জয় দত্তে জনাইছে যে, তেওঁ বৰ্তমান যথেষ্ট মিচ কৰিছে নিজৰ পৰিয়ালবৰ্গক ৷
লগতে পঢ়কঃবাদশ্বাহে কোটিৰ ঘৰত অনুৰাগী কিনিছে 72 লাখ টকাৰেঃ মুম্বাই আৰক্ষী