ETV Bharat / sitara

Salman Khan to enter in tollywood : বলীউডৰ পৰা টলীউড পালেগৈ ছল্লু ভাই

দক্ষিণৰ ছবিজগতত আত্মপ্ৰকাশ কৰিব বলীউডৰ ভাইজানে ৷ দক্ষিণৰ মেগাষ্টাৰ চিৰঞ্জীৱীৰ মুক্তি লাভ কৰিবলগীয়া নতুন ছবিত অভিনয় কৰিব ছলমান খানে (Salman Khan to enter in tollywood) ৷

author img

By

Published : Mar 16, 2022, 9:44 PM IST

Salman khan
টলীউডত নিজৰ যাদুৰ বাণ মাৰিবলৈ সাজু হৈছে ছলমান খান

চিটাৰা ডেস্ক, 16 মাৰ্চ : ছলমান খানৰ অনুৰাগীলৈ সুখবৰ ৷ বলীউডৰ পিছত এইবাৰ টলীউডত অভিনয়ৰ যাদুৰ বাণ মাৰিবলৈ সাজু হৈছে ছলমান খান ৷

দক্ষিণৰ তাৰকা চিৰঞ্জীৱীৰ মুক্তি লাভ কৰিবলগীয়া ছবি গদফাডাৰত অভিনয় কৰিব বলীউডৰ অভিনেতা ছলমান খানে ৷ দক্ষিণৰ ছবিজগতত ‘গদফাডাৰ’ শীৰ্ষক ছবিখনেৰে আত্মপ্ৰকাশ কৰিব ছলমানে (Salman Khan to enter in tollywood) ৷

দক্ষিণৰ অভিনেতা চিৰঞ্জীৱীয়ে ছলমানক উষ্ম আদৰণি জনায় ৷ টুইটাৰৰ জৰিয়তে এই সু-সংবাদতো অনুৰাগীক দিলে চিৰঞ্জীৱীয়ে ৷ চুপাৰহিট মালয়ালম ছবি লুচিফাৰৰ তেলেগু ৰিমেক ‘গদফাডাৰ’ ছবিখন নিৰ্দেশনা কৰিছে মোহন ৰাজাই ৷

বুধবাৰে চিৰঞ্জীৱীয়ে নিজৰ টুইটাৰ একাউণ্টত এটা টুইট কৰি ছলমানক দক্ষিণৰ ছবিজগতলৈ আদৰণি জনালে ৷ গদফাডাৰ ছবিখনত ছলমানৰ উপস্থিতিয়ে ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি প্ৰকাশ কৰিলে চিৰঞ্জীৱীয়ে (Salman Khan tollywood movie name) ৷ লগতে ছলমানৰ সৈতে স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ পাই নিজকে ধন্য মানে তেওঁ ৷

মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰণে ‘লুচিফাৰ’ ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে নিৰ্দেশক হিচাপে কাম কৰিছিল আৰু ছবিখন চুপাৰহিট হৈছিল ৷ ছবিখনত মোহনলাল, বিবেক অবেৰয় আৰু মঞ্জু ৱাৰিয়ৰ মুখ্য চৰিত্ৰত আছিল ৷ এতিয়া ‘লুচিফাৰ’ ছবিখনৰ গদফাডাৰ নামেৰে তেলেগু ৰিমেক নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ৷ চিৰঞ্জীৱী অভিনীত এই ছবিখন এখন পলিটিকেল এক্সন থ্ৰিলাৰ ছবি ৷

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতাৰাই মুখ্য ভূমিকা ৰূপায়ন কৰিছে ছবিখনত ৷ ছবিখনত ৰামচৰণ, অনুষ্কা শেট্টী আৰু শ্ৰুতি হাছানক কেমিঅ’ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: Runway 34 Teaser: অজয় দেৱগণ অভিনীত ৰানৱে 34 ৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.