ETV Bharat / sitara

'নগা সাধু' হ'ল চেইফ আলি খান

'লাল কপ্টান'ত নগা সাধু ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা চেইফ আলি খানক ৷ ছবিখনৰ পোষ্টাৰ মুকলিৰ লগে লগেই সকলোতে চৰ্চিত হৈ পৰিছে অভিনেতাগৰাকী ৷

author img

By

Published : May 21, 2019, 12:45 PM IST

'নাগা সাধু' হ'ল চৈফ আলি খান

নিউজ ডেস্ক, 21 মে': পূৰ্বে কেতিয়াও নেদেখা এক চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেতা চেইফ আলি খানক ৷ এইবাৰ নগা সাধু হ'ব বলিউডৰ নৱাৱ চেইফ ৷ চেইফ আলি খানৰ আগন্তুক ছবি 'লাল কপ্টান'ত এক ব্যতিক্ৰমী ৰূপত দৰ্শকৰ আগত ধৰা দিব চেইফে ৷ সোমবাৰে মুকলি কৰা ছবিখনৰ 'ফাৰ্ষ্ট লুক' ৷ পোষ্টাৰ মুকলিৰ লগে লগেই সকলোতে চৰ্চিত হৈ পৰিছে অভিনেতা গৰাকীৰ নতুন ৰূপ 'নগা সাধু' ৷ কাৰণ এইখন এখন অগতানুগতিক পোষ্টাৰ আৰু চেইফৰ আগতে কেতিয়াও নেদেখা এক অৱতাৰ ৷ পোষ্টাৰখনে এতিয়া বলিউড অনুৰাগী সকলৰ মাজত সৃষ্টি কৰিছে "SUSPENCE" ৷

উল্লেখ্য যে, নৱদ্বীপ সিঙৰ নিৰ্দেশনাৰে নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিব আনন্দ ৰায় আৰু EROS INTERNATIONAL এ ৷ ছেপ্তেম্বৰ মাহৰ ছয় তাৰিখে মুক্তি লাভ কৰিব লগা ছবিখনৰ টেগলাইন 'HUNT BEGINS'য়ে এইখন অপৰাধ আৰু হত্যাৰ লগত জড়িত এখন ছবি বুলি উমান দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.