ETV Bharat / sitara

আৰ.আৰ.আৰ. ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা

ছবি নিৰ্মাতা এছ এছ ৰাজামৌলীৰ বহু প্ৰত্যাশিত ছবি ‘আৰ.আৰ.আৰ.’ (RRR)ৰ মুক্তিৰ তাৰিখ ঘোষণা ৷ আগন্তুক 13 অক্টোবৰত মুক্তিলাভ কৰিব ছবিখনে ৷ ছবিখনৰ ইনষ্টাগ্ৰাম পেজযোগে প’ষ্টাৰ শ্বেয়াৰ কৰা হৈছে ৷

author img

By

Published : Jan 25, 2021, 4:11 PM IST

RRR
আৰ.আৰ.আৰ.

চিটাৰা ডেস্ক,25 জানুৱাৰী : চলিত বৰ্ষৰ 13 অক্টোবৰত মুক্তিলাভ কৰিব ছবি নিৰ্মাতা এছ এছ ৰাজামৌলীৰ বহু প্ৰত্যাশিত ছবি ‘আৰ.আৰ.আৰ.’ (RRR) ৷

ছবিখনৰ ইনষ্টাগ্ৰাম পেজযোগে ছবিখনৰ প’ষ্টাৰ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰা হয় ৷ আগন্তুক 13 অক্টোবৰত একেলগে আহি আছে জুই আৰু পানী, যিটো আগতে কেতিয়াও দেখা নাছিল ৷ ইতিমধ্যে এই যাত্ৰা আৰম্ভ হোৱা বুলি প’ষ্টাৰখনৰ কেপচনত প্ৰকাশ পাইছে ৷

দুগৰাকী কিংবদন্তি স্বাধীনতা সংগ্ৰামী আলুৰী সীতাৰাম ৰাজু আৰু কোমাৰাম ভীমৰ জীৱনক লৈ নিৰ্মাণ কৰা হ’ব এই ছবিখন । তেলেগু অভিনেতা ৰাম চৰণ, জুনিয়ৰ এনটিআৰ মুখ্য চৰিত্ৰত থকাৰ বিপৰীতে ছবিখনৰ আন মুখ্য চৰিত্ৰত আছে বলিউডৰ অভিনেতা অজয় দেৱগন আৰু আলিয়া ভাট ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় তাৰকা ষ্টিভেনচন আৰু এলিচন ডুডীক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷ এই বহুভাষিক ছবিখন মুঠ 450 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, তেলেগু ভাষাৰ লগতে হিন্দী, তামিল, মালায়ালম আৰু কান্নাড়া এইকেইটা ভাৰতীয় ভাষাত মুক্তিলাভ কৰিব ‘আৰ.আৰ.আৰ.’ ছবিখনে ৷ মুক্তিৰ তাৰিখ ঘোষণা হোৱাৰ পাচতে এতিয়া টিজাৰ মুকলিৰ বাবে অপেক্ষাৰত হৈ আছে দৰ্শকসকল ৷

লগতে পঢ়ক : সেৱাব্ৰত বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ অভিজিৎ ভট্টাচাৰ্য, প্ৰস্তুতি পৰাশৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.