ETV Bharat / sitara

ছ'চিয়েল মিডিয়াত ভাইৰেল ৰিতেশ দেশমুখৰ "ঘৰৱালী" আৰু "বাহৰৱালী" ভিডিঅ'

author img

By

Published : Jul 28, 2021, 7:05 PM IST

পুনৰ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে বলীউডৰ অভিনেতা ৰিতেশ দেশমুখ(Riteish Deshmukh)ৰ এটা ভিডিঅ' । এইবাৰ এই ভিডিঅ'টোত পত্নী জেনেলিয়া(Genelia)ৰ উপৰিও আছে নৃত্য পৰিচালিকা ফাৰাহ খান কুন্দৰ(Farah Khan Kunder) । ইনষ্টাগ্ৰাম পোষ্টযোগে ভিডিঅ'টো শ্বেয়াৰ কৰিছে ফাৰাহ খান কুন্দৰে ।

Riteish Deshmukh's video with his 'Gharwali' and 'Baharwali' goes viral
ছ'চিয়েল মিডিয়াত ভাইৰেল ৰিতেশ দেশমুখৰ এটা নতুন ভিডিঅ'

চিটাৰা ডেস্ক, ২৮ জুলাই : আকৰ্ষণীয় ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে জনাজাত বলীউডৰ অভিনেতা ৰিতেশ দেশমুখ(Riteish Deshmukh) । নিজৰ লগতে পত্নী জেনেলিয়া(Genelia) ৰ সৈতে হাস্যকৰ ভিডিঅ' ৰেকৰ্ড কৰি সৈতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে ৰিতেশে । ৰিতেশৰ এনে ধৰণৰ ভিডিঅ'ই বাৰুকৈয়ে আমোদ দিয়ে অনুৰাগীক । মঙলবাৰৰ পৰা ৰিতেশৰ এটা নতুন ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

সেইটো হৈছে "ঘৰৱালী" আৰু "বাহৰৱালী"ৰ ভিডিঅ' । শেহতীয়াকৈ ৰিতেশ আৰু জেনেলিয়াই ফাৰাহ খানৰ টেলিভিছন শ্ব' জি কমেডি ফেক্টৰীৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল । ফাৰাহৰ সৈতে দম্পতীটোৱে আনন্দেৰে কিছু সময় অতিবাহিত কৰিছিল আৰু এতিয়া সেই অনুষ্ঠানৰে এটা ভিডিঅ' চৰ্চিত হৈ পৰিছে । মঙলবাৰে ফাৰাহ খানে ইনষ্টাগ্ৰাম পোষ্টযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰে ।

ভিডিঅ'টোত ফাৰাহে নিজকে 'বাহাৰৱালী' ৰ ৰূপত উপস্থাপন কৰিছে । ভিডিঅ'টো শ্বেয়াৰ কৰি ফাৰাহে জেনেলিয়াক ঘৰৱালী বুলি আখ্যা দিছে । ৰিতেশ আৰু জেনেলিয়া তেওঁৰ অতি ভাল লগা ব্যক্তি বুলিও ফাৰাহে প্ৰকাশ কৰে ।

আনহাতে, ছবিৰ বিষয়ে ক'বলৈ গলে, ৰিতেশক 'কাকুদা'(Kakuda) শীৰ্ষক এখন ভৌতিক-কৌতুকধৰ্মী ছবিত দেখা পোৱা যাব । ছবিখনৰ বিষয়ে ৰিতেশে পূৰ্বেই কৈছিল যে, তেওঁ সোনাক্ষী আৰু চাকিবৰ সৈতে কাম কৰিবলৈ উৎসাহিত হৈ আছে । তেওঁ ব্যক্তিগতভাৱে ভৌতিক-কৌতুক ধৰ্মী ছবি ভাল পায় আৰু 'কাকুদা' তেওঁৰ বাবে এক উত্তম সুযোগ বুলিও মন্তব্য কৰিছিল ৰিতেশে ।

সোণাক্ষী সিনহা আৰু চাকিব ছালিমে মূল চৰিত্ৰত অভিনয় কৰিছে ছবিখনত । এই ছবিখনৰ দৃশ্য গ্ৰহণ গুজৰাটত আৰম্ভ হৈছিল আৰু ২০২২ চনৰ আৰম্ভণিতে ডিজিটেল মাধ্যমত ছবিখনে মুক্তি লাভ কৰিব । ইয়াৰ পূৰ্বে ৰিতেশক বাঘী-২ ত দেখা পোৱা গৈছিল ৷

লগতে পঢ়ক: পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.