চিটাৰা ডেস্ক,3 মে'ঃবলীউডৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰে 30 এপ্ৰিলৰ দিনা বিদায় মাগিলে এই পৃথিৱীৰ পৰা ৷ তেওঁৰ অন্তিম সংস্কাৰৰ বাবে একত্ৰিত হ'ল পৰিয়ালৰ কিছু মানুহৰ লগতে কিছু সংখ্যক আত্মীয়-স্বজন ৷ তেওঁলোকৰ বাহিৰে অন্য চেলিব্ৰেটী অন্তিম সংস্কাৰত উপস্থিত থাকিবলৈ সম্ভৱ নহ'ল দেশত চলি থকা লক্ ডাউনৰ বাবে ৷ সকলোৱে ছ'চিয়েল মিডিয়া যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেতাগৰাকীক ৷
শেহতীয়াকৈ ঋষি কাপুৰৰ পৰিয়ালে তেওঁৰ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰে এক প্ৰাৰ্থনা সভাৰ ৷ এই প্ৰাৰ্থনা সভাৰ পৰাই পত্নী নীতু সিং আৰু পুত্ৰ ৰণবীৰ সিঙৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ৷
![Rishi Kapoor prayer meet held at his residence, Ranbir, Neet's pic surfaces online](https://etvbharatimages.akamaized.net/etvbharat/prod-images/wr_0305newsroom_1588497301_797.jpg)