নিউজ ডেস্ক, 10 আগষ্ট : অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ED য়ে ৷ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ লগতে ৰিয়াৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী সোমবাৰে উপস্থিত হয় ED ৰ মুম্বাইস্থিত কাৰ্যালয়ত ৷ য‘ত তেওলোকক সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত সোধপোছ কৰিব ED য়ে ৷
-
#SushantSingRajputDeathCase: Actor Rhea Chakraborty, her brother Showik Chakraborty and her father arrive at Enforcement Directorate office in Mumbai. pic.twitter.com/ujsQdQ7WYz
— ANI (@ANI) August 10, 2020 " class="align-text-top noRightClick twitterSection" data="
">#SushantSingRajputDeathCase: Actor Rhea Chakraborty, her brother Showik Chakraborty and her father arrive at Enforcement Directorate office in Mumbai. pic.twitter.com/ujsQdQ7WYz
— ANI (@ANI) August 10, 2020#SushantSingRajputDeathCase: Actor Rhea Chakraborty, her brother Showik Chakraborty and her father arrive at Enforcement Directorate office in Mumbai. pic.twitter.com/ujsQdQ7WYz
— ANI (@ANI) August 10, 2020
তদুপৰি ৰিয়া আৰু ৰিয়াৰ পিতৃৰ ইতিপূৰ্বে শুকুৰবাৰে ED য়ে সোধপোছ কৰে ৷ ৰিয়াৰ ভাতৃ সৌৱিকক আজি তৃতীয়বাৰৰ বাবে সোধপোছ কৰিব ED য়ে ৷ উল্লেখ্য যে,শুকুৰবাৰে ৰিয়াক 8 ঘণ্টা ধৰি সুশান্তৰ আত্মহত্যা সন্দৰ্ভত সোধপোছ কৰা হৈছিল ৷
প্ৰয়াত অভিনেতাজনৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীও সোধাপোছাৰ বাবে উপস্থিত হয় ৷
শুকুৰবাৰৰ পৰা ED ৰ দ্বাৰা তিনিওগৰাকীক সোধাপোছা অব্যাহত ৰাখিছে আৰু দেওবাৰে পুৱা 6:30 বজালৈকে প্ৰায় 18 ঘণ্টা ধৰি সৌৱেকক জেৰা ED য়ে ৷
বাতৰি এজেঞ্চি ANIৰ মতে,চি বি আইয়ে বিহাৰ পুলিচৰ পৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে ৷
লগতে পঢ়ক : বাদশ্বাহে কোটিৰ ঘৰত অনুৰাগী কিনিছে 72 লাখ টকাৰেঃ মুম্বাই আৰক্ষী