ETV Bharat / sitara

ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়াললৈ চমন জাৰি কৰা নাই CBIয়ে

author img

By

Published : Aug 24, 2020, 5:40 PM IST

প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ চৰ্চিত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীলৈ চমন পঠিওৱা নাই CBIয়ে। ৰিয়াৰ পৰিয়াললৈও বৰ্তমানলৈকে CBIয়ে চমন জাৰি কৰা নাই। ৰিয়াৰ অধিবক্তাই স্পষ্ট কৰিলে এই কথা।

ৰিয়া আৰু পৰিয়াললৈ চমন জাৰি কৰা নাই CBIয়ে:ৰিয়াৰ অধিবক্তা

চিটাৰা ডেস্ক,২৪আগষ্টঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বৰ্তমানলৈকে ৰিয়া চক্ৰৱৰ্তীলৈ চমন জাৰি কৰা নাই। ৰিয়াৰ অধিবক্তা সতীশ মনেছিন্দেয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে এই কথা । ৰিয়াৰ পৰিয়ালেও CBIৰ পৰা চমন পোৱা নাই । ৰিয়াৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীলৈ সুশান্তৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত জেৰাৰ বাবে CBIৰ পৰা চমন জাৰি কৰিছিল বুলি খবৰ ওলাইছিল ।

উল্লেখ্য যে, CBIয়ে সুশান্তৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰে আলোচনা কৰাৰ লগতে কেইবাগৰাকীও ব্যক্তিৰ ভাষ্য বাণীবদ্ধ কৰিছে । সমগ্ৰ ঘটনা পুনৰ অংকণ কৰাৰ বাবে দেওবাৰে মুম্বাই আৰক্ষীৰ পৰা সুশান্তৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা সকলো সামগ্ৰী নিজৰ জিম্মালৈ আনে । CBI ৰ বিশেষ তদন্তকাৰী দলে 'ৱাটাৰষ্ট'ন' ৰিজ'ৰ্টতো তদন্ত চলায়, য'ত প্ৰয়াত অভিনেতাজনে ২মাহ সময় অতিবাহিত কৰিছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.