চিটাৰা,31 জানুৱাৰী: মাধুৰী দিক্ষিতৰ সৈতে কাম কৰাটো এক সপোন ৷ এই মন্তব্য অভিনেত্ৰী তথা নিৰ্দেশক ৰেনুকা সাহানেৰ ৷ এই দুয়োগৰাকী অভিনেত্ৰীয়ে বলিউড ছবি ‘হম আপকে হে কৌন’ তথা মাৰাঠী ছবি ‘বাকেট লিষ্ট’ত একেলগে কাম কৰিছিল ৷ ইয়াৰ উপৰিও দুয়োগৰাকীয়ে সময়ে সময়ে সামাজিক মাধ্যমটো নিজৰ বন্ধুত্ব প্ৰদৰ্শন কৰি আহিছে ৷
কিছুদিন পূৰ্বে অভিনেত্ৰী মাধুৰী দিক্ষিতে ৰেনুকা সাহানেৰ অহিবলগীয়া ছবি ‘ত্ৰিভাংগা:তেড়ী মেড়ী ক্ৰেজী’ ছবিখনৰ বাবে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এই ছবিখনৰ নিৰ্দেশক হিচাপে কাম কৰিছে ৰেনুকাই ৷
ৰেনুকাই কয়, "মই ভাৱো যে তেওঁৰ প্ৰতিভা এতিয়াও সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হোৱা নাই ৷ মই সদায় তেওঁক নিৰ্দশনা কৰাৰ এটি সপোন পুহি ৰাখিছো ৷ ইতিমধ্যে মোৰ মনত কেইবাটাও কাহিনী আছে ৷ এবাৰ স্ক্ৰীপ্টৰ কাম সম্পূৰ্ণ হ’লে মই তেওঁক অনুৰোধ জনাম ৷"
উল্লেখ্য যে, 2009 চনত মাৰাঠী ছবি ‘ৰিতা’ৰ দ্বাৰা নিৰ্দেশক হিচাপে আত্মপ্ৰকাশ কৰিছিল ৰেনুকা সাহানেয়ে ৷
লগতে পঢ়ক-1 ফেব্ৰুৱাৰীৰ পৰা নতুন নিৰ্দেশনাৰ সৈতে ছবিগৃহত সম্পূৰ্ণ চীট দখলৰ অনুমতি কেন্দ্ৰৰ