ETV Bharat / sitara

দেশবাসীৰ সংকটৰ সময়ত পুনৰবাৰ মহানুভৱতা বিগ বিৰ

ঐতিহাসিক গুৰুদ্বাৰ ৰকাবগঞ্জ চাহিবৰ শ্ৰীগুৰু তেগবাহাদুৰ ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ২ কোটি টকাৰ আৰ্থিক অনুদান বিগ বি অমিতাভ বচ্চনৰ । বিদেশৰ পৰা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে অভিনেতাজনে ।

Amitav Bacchan
দেশবাসীৰ সংকটৰ সময়ত পুনৰবাৰ মহানুভৱতা বিগ বিৰ
author img

By

Published : May 10, 2021, 6:17 PM IST

চিটাৰা ডেস্ক,১০ মে': দেশৰ সংকটৰ সময়ত পুনৰবাৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে বিগ বি অমিতাভ বচ্চনে । দেশত ক্ৰমাৎ বৃদ্ধি হোৱা ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঐতিহাসিক গুৰুদ্বাৰ ৰকাবগঞ্জ চাহিবৰ শ্ৰীগুৰু তেগবাহাদুৰ ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ২ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ।

উল্লেখযোগ্য যে, দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছাই টুইটাৰত এই কথা জনাইছে । ইয়াৰোপৰি, ৭৮ বছৰীয়া অভিনেতাজনে বিদেশৰ পৰা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে । সেইবাবে তেওঁ দেশৰ নায়ক বুলি টুইটাৰত টুইট কৰে মনজিন্দৰ সিঙে ।

  • He often said;
    “आप पैसों की चिंता मत कीजिए... बस कोशिश करिये कि हम ज़्यादा से ज़्यादा जानें बचा पाएँ!”@SrBachchan Ji contributed a huge Amt & also took the pain to ensure oxygen concentrators get shipped frm abroad & reach on time

    He is not just a REEL Hero but a Real life Hero https://t.co/5NEFgsZid5 pic.twitter.com/DA1onuT4RE

    — Manjinder Singh Sirsa (@mssirsa) May 9, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সমগ্ৰ দেশতে মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । বিশেষকৈ ৰাজধানী দিল্লীত যথেষ্ঠসংখ্যক লোক মহামাৰীত আক্ৰান্ত হৈছে । দিল্লী এতিয়া তীব্ৰ সংকটত । সোমবাৰে বিয়লিৰ পৰা ৩০০ খন বিচনাৰে সকলো কাম আৰম্ভ কৰে । দিল্লীৰ এই সংকটকালত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় ৰাজধানীৰ শিখ সম্প্ৰদায়ৰ লোকসকলে । শিখ সম্প্ৰদায়ে অক্সিজেন কনচেণ্ট্ৰেটৰ, চিকিৎসক, পেৰামেডিক্স আৰু এম্বুলেঞ্চৰ লগতে ২৫০ বিচনাযুক্ত ক'ভিড কেন্দ্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মাতৃ দিৱসত আলিশাৰ পৰা কি উপহাৰ পালে সুস্মিতাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.