চিটাৰা ডেস্ক,9 আগষ্টঃ ভুৱা অনুৰাগী আৰু লাইক বঢ়াই সংবাদ শীৰ্ষলৈ আহিছে জনপ্ৰিয় ৰেপাৰ বাদশ্বাহ ৷ ছ'চিয়েল মিডিয়াত টকা লৈ ভিউজ বঢ়োৱা এটা চক্ৰৰ বিৰুদ্ধে নিজৰ অনুসন্ধান অব্যাহত ৰাখি মুম্বাই আৰক্ষীয়ে পোহৰলৈ আনিছে এই কথা ৷ মুম্বাই পুলিচে বাদশ্বাহ সহিত মুঠ 20 জন তাৰকাক লৈ এই অনুসন্ধান অব্যাহত ৰাখিছে ৷
শুকুৰবাৰে CIUয়ে 10 ঘন্টা জোৰা জেৰা কৰে জনপ্ৰিয় ৰেপাৰগৰাকীক ৷ জেৰাৰ অন্তত মুম্বাই আৰক্ষীয়ে জনায় যে,বাদশ্বাহে এই কথা স্বীকাৰ কৰিছে যে তেওঁৰ এটা গানৰ ভিউজ বঢ়াবৰ বাবে 72 লাখ টকা খৰছ কৰিছে ৷ 72 লাখ টকাৰে কিনিছে তেওঁ 72 কোটি ভিউজ ৷
বাদশ্বাহে 24 ঘন্টাত ইউটিউবত এটা ৰেকৰ্ড গঢ়িব বিচাৰিছিল ৷ আৰক্ষীয়ে জনোৱা মতে,এই কথা আৰক্ষীৰ সমুখত নিজে স্বীকাৰ কৰিছে ৰেপাৰ গৰাকীয়ে ৷
ইফালে বাদশ্বাহক এই কথা সোধাত তেওঁৰ ওপৰত লগোৱা এই আৰোপ মিছা বুলি ব্যক্ত কৰে ৷ তেওঁৰ মতে,তেওঁ এনেকুৱা একো কামেই কৰা নাই ৷
অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে ৷ বাদশ্বাহৰ মতে,সঁচা কথা সোনকালেই পোহৰলৈ আহিব ৷
লগতে পঢ়কঃৰিয়া আৰু ৰিয়াৰ ভাতৃলৈ দ্বিতীয় বাৰৰ বাবে EDৰ চমন প্ৰেৰণ