চিটাৰা ডেস্ক, 4 মাৰ্চ : বুধবাৰে অভিনেতা ৰণদীপ হুদাৰ আঁঠুৰ চাৰ্জাৰী সম্পূৰ্ণ হৈ যায় (Randeep Hooda latest news) ৷ 1 মাৰ্চত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক ৷ তেওঁৰ মুক্তি পাবলগীয়া চিৰিজ ইন্সপেক্টৰ অবিনাশত থকা যুদ্ধৰ দৃশ্যাংশ এটা শ্বুট কৰোতে যোৱা মাহত শাৰিৰীকভাৱে আঘাতপ্ৰাপ্ত হয় হুদা (Inspector Avinash series Randeep Hooda) ৷
মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত তেওঁৰ চিকিৎসা কৰে ডাঃ দিনশ্ব’ পাৰ্ডিৱালাই ৷ ৰাধে ছবিখনৰ শ্বুটিঙৰ সময়তো একেটা আঁঠুতে দুখ পাইছিল হুদাই ৷ সোনকালেই চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব অভিনেতাজন ৷
2019 চনত ছলমান খানৰ ৰাধেত এক্সন ছিকুৱেন্স কৰোতেও আহত হৈছিল ৰণদীপ হুদা ৷ বাস্তৱ জীৱনৰ ঘটনাৰ ওপৰত আধাৰিত এখন চিৰিজ ইন্সপেক্টৰ অবিনাশ (Randeep Hooda role in inspector avinash) ৷ উত্তৰ প্ৰদেশত অপৰাধমূলক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰা আৰক্ষীৰ জীৱন ভিত্তিক কাহিনী ইয়াত দেখুওৱা হ’ব ৷
লগতে পঢ়ক: দক্ষিণৰ ছবিৰ হিন্দী ৰিমেকত কোন থাকিব বলীউডৰ অভিনেতা ?